• গুৱাহাটীৰ কৃত্ৰিম বানৰ সমাধানৰ বাট কেনি? বিপৰ্যস্ত মহানাগৰিক

    আঞ্চলিক
    গুৱাহাটীৰ কৃত্ৰিম বানৰ সমাধানৰ বাট কেনি? বিপৰ্যস্ত মহানাগৰিক

    ডিজিটেল ডেস্ক: এতিয়া কৃত্ৰিম বানে যেন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ মূল সমস্যা৷ অভিজাত মহানগৰীত এতিয়া এজাক বৰষুণতে ডুব যায় বাট-পথ৷ আজি পুৱা মাত্ৰ কেইমিনিটমানৰ এজাক বৰষুণতে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত দেখা কৃত্ৰিম বান৷ চানমাৰী, জু-ৰোড, অম্বিকাগিৰী নগৰ, ভঙাগড়, বেলতলা চাৰ্ভে, গান্ধীবস্তি ইত্যাদি কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ ফলত গুৱাহাটীবাসীয়ে ভোগ কৰিবলগীয়া হৈছে যমৰ যাতনা৷ গুৱাহাটীত বানপানী প্ৰশমনৰ বিৰুদ্ধে গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটীয়ে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও কাৰ্যত: সেয়া ফুটুকাৰ ফেনতহে পৰিণত ল৷



    কৃত্ৰিম বান ৰোধৰ বাবে জিএমডিএ- দ্বাৰা জলাশয় (সংৰক্ষণ আৰু সংবৰ্ধন) আইন ২০০৮ ৰূপায়ণ আৰু ধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে গুৱাহাটী চহৰ আৰু ইয়াৰ আশে-পাশে জলাশয়ৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিয়ে নগৰীয় বান প্ৰশমনৰ 
    কৰিব বুলি আশা কৰা হৈছে৷ জিএমডিএয়ে চহৰখনৰ নিম্ন অঞ্চলবোৰত পানী জমা হোৱা কাৰ্যকৰীভাৱে হ্ৰাস কৰিবলৈ বৰষুণৰ পানী নগৰৰ পৰা আঁতৰাই নিয়াৰ বাবে বৈকল্পিক নলা নিৰ্মাণ কৰি আছে বুলি জিএমডিএৰ অফিচিয়েল ৱেবছাইটত উল্লেখ কৰা আছে৷



    জিএমডিএ-য়ে এনইএছএচিৰ সৈতে আলোচনা কৰি গুৱাহাটী চহৰৰ চাৰিওফালে ১৮টা স্বয়ংক্ৰিয় বতৰ কেন্দ্ৰ (এডব্লিউএছ) স্থাপন কৰিছে আৰু এএছডিএমএ- দ্বাৰা পুঁজি যোগান ধৰিছে। চৰকাৰী তথ্য অনুসৰি, জিএমডিএয়ে গুৱাহাটী চহৰৰ দুৰ্বল জলমগ্ন অঞ্চলৰ পৰা পানী আহৰণ কৰিবলৈ ২০টা অটো প্ৰাইমিং এমএফ পাম্প ক্ৰয় আৰু স্থাপন কৰিছে। পাম্প স্থাপন আৰু কাৰ্যকলাপবোৰ এতিয়া জিএমচিৰ দ্বাৰা চোৱাচিতা কৰা হয়।



    গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে আৰম্ভ কৰামিছন ফ্লাড ফ্ৰী গুৱাহাটীশীৰ্ষক অভিযান আজিও সুদূৰপৰাহত৷ কিয়নো, বিগত বৰ্ষৰ নৱেম্বৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাটো এবছৰৰ ভিতৰত সমাধান কৰিব নোৱাৰি বুলি মন্তব্য কৰিছিল৷ নৱেম্বৰতে মন্ত্ৰী অশোক সিংঘালে লগতে কৈছিল যে বাৰিষাৰ পূৰ্বে মাত্ৰ ২৫% পৰা ৩০%কাম সম্পূৰ্ণ ব৷ আনহাতে চহৰখনত বানপানীৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ তিনিৰ পৰা চাৰি বছৰ লাগিব বুলি মন্ত্ৰীজনে উল্লেখ কৰিছিল৷



    আনহাতে, গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিগত বৰ্ষৰ ২৩ মে পৰা জলসম্পদ বিভাগে গুৱাহাটীৰ বোন্দাজান বিলত পৰিষ্কাৰ আৰু বিশুদ্ধকৰণৰ কাম আৰম্ভ কৰিছিল৷ বিভাগটোৱে গুৱাহাটী উন্নয়ন বিভাগৰ অধীনত প্ৰকল্পটোত ৩২জন শ্ৰমিক নিয়োগ কৰিছিল, যিটোমিছন ফ্লাড ফ্ৰী গুৱাহাটী অধীনত এই অভিযান সম্পন্ন হোৱাৰ বাবে ১০দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল বিভাগটোৱে৷ কিন্তু, গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা সকলো পদক্ষেপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ ফল ভুগিছে অভিজাত মহানগৰবাসীয়ে৷