• অসমৰ দবা খেলুৱৈলৈ বিশ্ব দবা মহাসংঘৰ স্বীকৃতি

    আঞ্চলিক
    অসমৰ দবা খেলুৱৈলৈ বিশ্ব দবা মহাসংঘৰ স্বীকৃতি
    ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আন এক সুখবৰ৷ এইবাৰ অসমৰ দবা খেলুৱৈলৈ আহিছে স্বীকৃতি৷ অসমৰ আৰ্বিটাৰলৈ বিশ্ব দবা মহাসংঘই আগবঢ়াইছে স্বীকৃতি৷ 

    অসমৰ তিনিজন আৰ্বিটাৰ গুৱাহাটীৰ অৰুণ সিং, প্ৰণৱ কুমাৰ নাথ আৰু শিলচৰৰ ড° চাৰ্বাকলৈ বিশ্ব দবা মহাসংঘই আন্ত:ৰাষ্ট্ৰীয় আৰ্বিটাৰ আৰু ফিডে আৰ্বিটাৰৰ স্বীকৃতি প্ৰদান কৰিছে।

    বিগত ২৮ এপ্ৰিলত আবুধাবিত অনুষ্ঠিত প্ৰথম ফিডে কাউঞ্চিল মিটিঙত অৰুণ সিঙৰ আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ খিতাপ আৰু প্ৰণৱ কুমাৰ নাথ আৰু ড° চাৰ্বাকৰ ফিডে আৰ্বিটাৰৰ খিতাপ অনুমোদন কৰে।

    বিশ্ব দবা মহাসংঘই যোৱা ৮ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ অৰুণ সিঙক আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ, প্ৰণৱ কুমাৰ নাথ আৰু ড° চাৰ্বাকক ফিডে আৰ্বিটাৰৰ খিতাপ প্ৰদান কৰে। 

    সদৌ অসম দবা সন্থাই গুৱাহাটী দবা সন্থাই এই কৃতিত্বৰ বাবে তিনিওজন আৰ্বিটাৰলৈ অভিনন্দন জনাইছে।