• জীৱন নাটৰ অৱসান! অচিনা-অজানা দেশলৈ গুচি গ'ল যশস্বী অভিনেতা নিপন গোস্বামী

    আঞ্চলিক
    জীৱন নাটৰ অৱসান! অচিনা-অজানা দেশলৈ গুচি গ'ল যশস্বী অভিনেতা নিপন গোস্বামী
    ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই। এই দুঃখবৰে দহিছে সমগ্ৰ অসমবাসীক। সকলোৱে ভাল পাইছিল তেওঁক...তেওঁৰ অভিনয়ক। ঘৰে ঘৰে জনপ্ৰিয় এটা নাম নিপন গোস্বামী। আজি পুৱা ৯-১৫ বজাত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ নিপন গোস্বামীৰ দেহাৱসান ঘটে। অসমীয়া চলচ্চিত্ৰ জগতক ভিন্ন মাত্ৰা প্ৰদান কৰাৰ লগতে সমাজ জীৱনলৈও অনবদ্য অৱদান আগবঢ়োৱা মহান অভিনেতাজনৰ মৃত্যুত সমগ্ৰ অসমতে পৰিছে গভীৰ শোকৰ ছাঁ। 

    তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল বিখ্যাত অভিনেতা, আৰু মাতৃ নিৰুপমা গোস্বামীয়ে সংগীত চৰ্চা কৰিছিল। নিপন গোস্বামীয়ে শিক্ষাৰম্ভ কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত কৰিছিল। তাৰপাছত 'তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়'ত শিক্ষা গ্ৰহণ কৰে। প্ৰথমে মঞ্চত অভিনয় কৰি তেওঁ পাছলৈ ছবিত নায়কৰ অভিনয় কৰে। অসমীয়া ছবি জগতৰ ছুপাৰষ্টাৰ আছিল নিপন গোস্বামী। টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰিছিল। এইগৰাকী অভিনেতাই ১০০-ৰো অধিক ছবিত কাম কৰি গৈছে।

    সাংস্কৃতিক পৰিবেশ এটা নিপন গোস্বামীয়ে ঘৰতেই পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিত ভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল। আঠ নে ন বছৰ বয়সত তেখেতে প্ৰথমে 'লাচিত বৰফুকন' নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। হাইস্কুলত পঢ়া কালতো নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

    বি এ ফাইনেল পৰীক্ষা দিয়াৰ পাছত তেখেতে কলিকতালৈ গৈ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে। ১৯৬৫ চন মানত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। ২ বছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰে। 'পুনে ফিল্ম ইনষ্টিটিউট'ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ 'সংগ্ৰাম' ছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে 'সংগ্ৰাম' ছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।

    ১৯৫৭ত মুক্তিপ্ৰাপ্ত ‘পিয়লি ফুকন’ত শিশু অভিনেতা আছিল গোস্বামী। 'সংগ্ৰাম'ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত 'ডক্তৰ বেজবৰুৱা' ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়। ককাদেউতা নাতি আৰু হাতীত ডেকা বয়সতে ককাকৰ চৰিত্ৰ ৰূপায়ন কৰি তেওঁ দেখুৱাই দিছিল যে সঁচাকৈয়ে অভিনয়ৰ বাবেই জন্ম হৈছিল। 

    নিপন গোস্বামী অভিনীত ছবিসমূহৰ অন্যতম এইসমূহ ছবি ককা দেউতাৰ নাতি আৰু হাতী, আজলি নবৌ, কাল সন্ধ্যা, শকুন্তলা আৰু শংকৰ যোছেফ আলি, মৰীচিকা, কাদম্বৰী, তুমি আহিবানে, পলে পলে উৰে মন, বান্ধৈ, সৰু বোৱাৰী,  হিয়া দিয়া নিয়া, তুমি মোৰ মাথোঁ মোৰ, পুৰৱ কী আৱাজ, গানে কি আনে, শৈশৱতে ধেমালিতে আদি বহু চলচ্চিত্ৰ। ২০২১ত ড০ ভবেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হয় যশস্বী অভিনেতাগৰাকীক।

    উল্লেখ্য যে হৃদজনিত ৰোগত অসুস্থ হোৱাত দেওবাৰে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক। কিন্তু তেওঁ সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি নাহিল। ৭৫ বছৰ বয়সত সকলোকে কন্দুৱাই আজি তেওঁ ইহলোক ত্যাগ কৰি পৰলোকলৈ গমন কৰিলে। প্ৰাগ নিউজৰ ফালৰ পৰা নিপন গোস্বামীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ... আপুনি য’তেই আছে কুশলে থাকক...আমি আপোনাক নাপাহৰো নিপন গোস্বামী ডাঙৰীয়া।