ডিজিটেল ডেস্কঃ এই শতিকাৰ প্ৰথমটো দশকৰ কিশোৰ-চেমনীয়া তথা যুৱক-যুৱতীক আকৰ্ষণ কৰা অঞ্জনা, জানমণি, ৰাংঢালী, মৰমজান, মন ফাগুনীৰ কথাকে ক’বলৈ ওলাইছোঁ আজি৷ বাণিজ্যিকভাৱে বিশেষ সফলতা আৰু অসমবাসীৰ আদৰ লাভ কৰা এই ভিচিডিসমূহ বৰ্তমান লুপ্তপ্ৰায়। তথাপি বহুজনৰ মুখে মুখে এতিয়াও চৰ্চিত জানমণি অথবা অঞ্জনাৰ কথা আৰু সেইসমূহ গান৷
মৰমলগা ভণ্টিজনী
নাজানো ক’ত ঘৰ
আছে নেকি কোনোবা জান তোমাৰ মৰমৰ....
বছৰটোৰ শেষৰ ফালে মুক্তি পাইছিল এই চিডিসমূহ৷ জানমণি, অঞ্জনা অথবা ৰাংঢালীৰ গীতসমূহে বহুজনৰ বুকুত সাঁচ বহুৱাই গ’ল। আজিও বহুজনে গুণগুণায় এই গীতসমূহ। নতুন বছৰ আহিলেই এতিয়াও প্ৰাণ পাই উঠে জানমণি, অঞ্জনা অথবা ৰাংঢালীৰ গীতসমূহে।
এতিয়াও বহুজনৰ বুকুত আলোড়নৰ সৃষ্টি কৰে সেই কেছেট আৰু ভিচিডিৰ বিহু গীতসমূহে। সময়ৰ বুকুত হেৰাই যোৱা কেছেটৰ বহু গীত এতিয়াও বহুজনৰ বুকুৰ আপোন। সেই দিনসমূহ সোঁৱৰি নষ্টালজিক হৈ পৰে কণ্ঠশিল্পী মনোজ বৰা৷
আনহাতে নতুন বছৰৰ প্ৰাকমুহূৰ্তত মনলৈ অহা এটা পুৰণি অথচ তেনেই আপোন শব্দ গ্ৰীটিংছ কাৰ্ড। কালৰ বুকুত হেৰাই গ'ল হেপাহৰ গ্ৰিটিংছ কাৰ্ডখনো৷ আপোনজনৰ হাতৰ উমাল পৰশে জীপাল কৰা এই কাৰ্ডখনেই আছিল এটা সময়ত মৰমৰ আদান প্ৰদানৰ এক অন্যতম মাধ্যম।
সময়ৰ ধামখুমীয়াত এতিয়া অতীত হ'ল মৰমৰ উমাল আৱেগেৰে সিক্ত গ্ৰিটিংছ কাৰ্ড। এজনে আনজনক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অন্যতম মাধ্যম হিচাপে পৰিচিত এই গ্ৰীটিংছ কাৰ্ড এতিয়া মাথোঁ নষ্টালজিয়াৰ বুকুৰ এখিলা সৰাপাত।
ছ'চিয়েল মাধ্যমৰ সূলভ ব্যৱহাৰ আৰু যান্ত্ৰিকতাৰ কোবাল ঢৌৱে তচনচ কৰি পেলোৱা অতীতৰ ভাল লগা সেই সময়বোৰে আপোনাকো নিশ্চয় নষ্টালজিক কৰি তোলে, কৰি তোলে বিষাদ-মগন। এনে লাগে কালৰ বুকুত ক্ৰমান্বয়ে নিশেষ হ'বলৈ ধৰা গ্ৰিটিংছ কাৰ্ডৰ সেই ৰোমাঞ্চকৰ দিনবোৰ যেন আকৌ এবাৰ জীপাল হৈ পৰিব। গ্ৰিটিংছ কাৰ্ডৰ বাখৰুৱা শব্দই কঢ়িয়াই অনা শুভকামনাৰ এজাক দোপালপিতা বৰষুণে যেন আকৌ এবাৰ তিয়াই নিব প্ৰিয়জনৰ বুকু।
যাৰ বাবে এতিয়াও সময়ে সামৰি ল'ব খোজা এই গ্ৰিটিংছ কাৰ্ডখনৰ কথা মনত সু্ঁৱৰি নৱবৰ্ষৰ প্ৰাকক্ষণত নষ্টালজিক হৈ উঠে সকলো। বহুজনৰে আশা, আকৌ ঘূৰি আহক সেই সোণোৱালী অতীত। সোণোৱালী দিন৷আশা এয়াই- কোনো কথা অথবা উপাদানে কাঢ়ি নিনিয়ক সঁচা আৱেগৰ সময়বোৰ৷
আমগুৰিৰ পৰা নবনিতা গগৈ ৰিপ'ৰ্ট
Leave A Comment