ডিজিটেল ডেস্ক: পুৰণি বস্তু ক্ৰয়-বিক্ৰয় কৰাৰ এক নিৰ্ভৰযোগ্য অনলাইন প্লেটফৰ্ম অ’এলএক্স(OLX)৷ যি সমগ্ৰ বিশ্বব্যাপী সেৱা প্ৰদান কৰি আহিছে৷ শেহতীয়া কৈ এই প্লেটফৰ্মত গাড়ী বিক্ৰী কৰি বিপদত পৰিছে এজন ব্যক্তি৷
ঘটনা ক্ৰমঅনুসৰি অ’এলএক্সত বাহন বিক্ৰীৰ বিজ্ঞাপন দিছিল হিতেশ বৈশ্য নামৰ এজন লোকে৷ তেওঁৰ পৰা দেৱজিৎ ভট্টাচাৰ্য নামৰ এজন ব্যক্তিয়ে এমাহ পূৰ্বে ক্ৰয় কৰিছিল হিতেশৰ মাৰুটি চেলেৰিও বাহনখন৷ ইয়াৰ পাছতে আৰম্ভ হয় আচল ঘটনাক্ৰম-৪৮ হাজাৰ টাকা আগধন দি ৪৮ টা কিস্তি পৰিশোধ কৰিবলৈ বাকী থকা বাহনৰ কোর্ট এগ্ৰিমেণ্ট কৰি চাবি কাঠি দেৱজিৎ ভট্টাচাৰ্যক গতাইছিল৷
গাড়ীৰ প্ৰথম কিস্তিৰ সময় পাৰহৈ যোৱাৰ পাছতো যেতিয়া দেৱজিৎ ভট্টাচাৰ্যৰ কোনো সুংসূত্ৰ নোহোৱা হ’ল৷হিতেশ বৈশ্য তেতিয়া যোগাযোগ কৰিবলৈ ফোন কৰি ভাগৰি পৰে অৱশেষত দেৱজিৎ ভট্টাচাৰ্যৰ ফোন উঠালে দিছপুৰ থানাৰ আৰক্ষীয়ে৷ তাৰ পাছত বুজিব পাৰিলে যে তেওঁৰ গাড়ীখন এজন চোৰৰ হাততহে গতাই দিছিল৷
প্ৰপ্ত খবৰ অনুসৰি গুৱাহাটীৰ কেইবাখনো থানাত দেৱজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে এঘাৰটাতকৈ অধিক গোচৰ ৰুজু হৈ আছে৷ চুৰি গোচৰৰ ভিত্তিতে দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰে দেৱজিৎ ভট্টাচাৰ্যক৷ যাৰ হাতত সেই অ’এলএক্সত বিজ্ঞপন দিয়া বাহনখন হাতত বিক্ৰী হৈছিল৷ চোৰৰ হাতত সর্বস্বান্ত হৈ হিতেশেও অৱশেষত দেৱজিৎৰ বিৰুদ্ধে দিছপুৰ থানাত অন্য এটা গোচৰ ৰুজু কৰে৷
অ’এলএক্সৰ দৰে প্লেটফৰ্মত ক্ৰয়-বিক্ৰয় কৰাৰ আগত সাৱধানতা অৱলম্বন নকৰিলে আপুনিও হিতেশে বৈশ্যৰ দৰে সর্বস্বান্ত হৈ পৰিব পাৰে৷ গুৱাহাটীৰ অলিয়ে গলিয়ে এতিয়া কেৱল চোৰৰ তিঘিলঘিলনি, পুলিচ প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো চোৰৰ তিঘিলঘিলনিয়ে এতিয়া চিন্তাৰ উদ্বেগ সৃষ্টি কৰিছে৷
Leave A Comment