ডিজিটেল ডেস্ক: আজি ১৮ ডিচেম্বৰত গুৱাহাটীত ৰাজভৱন চলো সমদলক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল৷ লগতে এই ৰাজনৈতিক অনুষ্ঠানটোত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰতো আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে৷ আৰক্ষীৰ এনে কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে।
খবৰ অনুসৰি অনুষ্ঠানটোত সাংবাদিক আৰু ভিডিঅ’-সাংবাদিকসকল গোট খোৱা ঠাইত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল। যাৰ ফলত কেইবাজনো সাংবাদিক আহত হোৱাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়।
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত সাংবাদিকসকলে নিয়মিতভাৱে এনে কাণ্ডৰ বলি হৈ আহিছে।
গুৱাহাটী প্ৰেছ ক্লাবে আৰক্ষী প্ৰশাসনক এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে৷ আৰু কৰ্তব্যৰত অৱস্থাত সাংবাদিকৰ ওপৰত বাৰে বাৰে কৰা আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে কাইলৈ সকলো সংবাদ কৰ্মীক ক’লা বেজ পৰিধান কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে আহ্বান জনাইছে।
Leave A Comment