ডিজিটেল ডেস্কঃ অসমৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ কেলেংকাৰি ৷ সাধাৰণ নাগৰিকক টুপী পিন্ধাই লুটিলে কোটি কোটি টকা ৷ ফুটুকাৰ ফেন হৈ পৰিল ট্ৰেডিং-কেলংকাৰিৰ তদন্ত প্ৰক্ৰিয়া ৷ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা তাৰ্কিক, বিশালসহ স্বপ্ননীলৰ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে । লগতে ট্রেডিং কেলেংকাৰীৰ আন দুজন অভিযুক্ত জিতেন ডেকা আৰু অভিজিত চন্দয়ো জামিন লাভ কৰে । শীঘ্ৰেই চুমি বৰাইয়ো লাভ কৰিব জামিন!
এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, "ট্রেডিং কেলেংকাৰীৰ আঠজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল । ইয়াৰে পাঁচজনৰ জামিন আদালতে মঞ্জুৰ কৰিছে । বাকী তিনিজনৰ জামিন আবেদন আদালতে নাকচ কৰিছে ।"
উল্লেখ্য যে চিবিআয়ে নিৰ্ধাৰিত সময়ত অভিযোগনামা দাখিল কৰিব নোৱৰাৰ বাবেই ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাই জামিন লাভ কৰিছে বুলি চৰ্চিত হৈছে কিন্তু এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, "এই সন্দৰ্ভত আদালতৰ কোনো আনুষ্ঠানিক নিৰ্দেশৰ কপি আমাৰ হাতত পৰা নাই । গতিকে এই সন্দৰ্ভত এতিয়া এই কথা ক'ব পৰা নাযাব ।" তেওঁ লগতে কয় যে জিতেন ডেকাক অসুস্থাৰ বাবে আদালতে জামিন দিছে ।
উল্লেখ্য যে ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰা আৰু অভিজিত চন্দৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰত গোচৰটোৰ বিচাৰ আদালতত চলি আছে । আনহাতে, ট্রেডিং কেলেংকাৰীৰ আন এজন অভিযুক্ত জিতেন ডেকাৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত ৰুজু হোৱা ৯৩৪/২০২৪ গোচৰটোৰ বিচাৰ আদালতত চলি আছে ।
মন কৰিবলগীয়া যে কোন দিশে গতি কৰিছে আইন য’ত জাতি-মাটি-ভেটিৰ কথা কোৱা নেতাৰ ১৭ মাহ জে’লত থকাৰ উদাহৰণ আছে ৷ প্ৰকৃত অপৰাধীৰ শাস্তি এয়াই নেকি? এয়াই নেকি আমাৰ গণতন্ত্ৰ, য’ত কষ্টৰে উপাৰ্জন কৰা ধন এচামে আহি লুটি লৈ যায় আৰু সেই অপৰাধীয়ে নিৰ্বিঘ্নে মুকলি আকাশৰ তললৈ অহাৰ সুযোগ পায়!
Leave A Comment