ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰথম দিনটোতে গুৱাহাটী মহানগৰীৰ এটা ভাড়াঘৰত উদ্ধাৰ হৈছিল পায়েল শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। ঘটনাটোক লৈ এতিয়াও চাঞ্চল্য বিৰাজমান।
চানমাৰীস্থিত এটা ভাড়া এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। পায়েলে বাৰগাৰ্ল হিচাপে কাম কৰে।
গুৱাহাটীৰ ছাত্ৰীবাৰীৰ ধনী ঘৰৰ কন্যা পায়েলে অকলশৰীয়া মাতৃক ত্যাগ কৰি বিলাসী ফ্লেটত বাস কৰিছিল। চানমাৰীৰ নিজৰাপাৰত থকা ব্লু বেল ৰেঙণি দয়া সাগৰ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত আছিল পায়েল শইকীয়া। এপাৰ্টমেণ্টৰ H4 ফ্লেটত এবছৰ ধৰি ভাৰতীয়াকৈ আছিল পায়েল।
প্ৰায়ে সুৰাসক্ত অৱস্থাত থকা পায়েলৰ আছিল একাংশ ঘনিষ্ঠ বন্ধুবৰ্গ। ফ্লেটৰ কোঠাত প্ৰায়ে পায়েলৰ বন্ধু-বৰ্গৰে প্ৰায়ে চলিছিল সুৰাৰ পাৰ্টি। আনকি মৃত্যুৰ দিনা পুৱা চিকিউৰিটি গাৰ্ডে পায়েলক যোগান ধৰিছিল চিগাৰেটৰ পেকেট। আৰক্ষীয়ে পায়েলৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰিছে নানা দামী ব্ৰেণ্ডৰ সুৰাৰ বটল।
উল্লেখ্য যে ১৮ চনৰ ৩১ ডিচেম্বৰতে পথ দুৰ্ঘটনাত মৃত্যু হৈছিল পায়েলৰ স্বামীৰ। তেতিয়াৰে পৰা অকলশৰীয়া জীৱন কটাইছিল পায়েলে।
স্বামীৰ মৃত্যুৰ পিছতে বাৰগাৰ্ল হিচাপে কৰিছিল জীৱন নিৰ্বাহ।
তেনেকৈ গুৱাহাটী এখন বাৰত চিনাকী হৈছিল ৰাজ খাউণ্ডৰে। পৰৱৰ্তী সময়ত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক
ৰাজে পায়েলক ১৮ হাজাৰত দয়া সাগৰ এপাৰ্টমেন্টত লৈ দিছিল ভাড়াঘৰ। বিনিময়ত পায়েলক ৰাজে বাৰ গাৰ্লৰ কাম এৰি দিয়াৰ প্ৰস্তাৱ দিছিল।
পায়েলক চলিবলৈ ৰাজে মাহে দিছিল প্ৰচুৰ পৰিমাণৰ টকা। সেই ভাড়াঘৰতে ৰাজে লিভ-ইনত আছিল। ৰাজৰ লগত থাকি অন্তঃসত্বা হৈছিল পায়েল। কিন্তু পায়েলক গৰ্ভপাত কৰাবলৈ বাধ্য কৰাইছিল ৰাজে।
৪ মাহৰ পূৰ্বে গৰ্ভপাত কৰাইছিল পায়েলে। কিন্তু শেহতীয়াকৈ আন এগৰাকী যুৱতীক আঙুঠি পিন্ধায় ৰাজে। তাৰপাছৰে পৰা ৰাজৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল পায়েলৰ। আনকি ৰাজে মাহেকীয়া খৰচো কমাই দিয়া হৈছিল পায়েলক।
তেতিয়াই মানৱৰ সৈতে পায়েলৰ গঢ়ি উঠিছিল সম্পৰ্ক। যি কথা অৱগত নাছিল ৰাজৰ। ৰাজৰ অজ্ঞাতে মানৱ আৰু পায়েলৰ গঢ়ি উঠিল সম্পৰ্ক।
কিন্তু মানৱক সকলোকে ভাইটি বুলি পায়েলে চিনাকী কৰাই দিছিল।এইবাৰ মানৱে টকা বিচাৰি ব্লেকমেইল কৰা আৰম্ভ কৰিছিল পায়েলক। টকা নিদিলে ৰাজক সকলো কথা অৱগত কৰিম বুলি দি আহিছিল ভাবুকি।
দুয়োজনৰ ভাবুকি প্ৰতাৰণাৰ বাবেই অৱশেষত পায়েলে ললে চৰমপন্থা। মানৱক ব্লেকমেইল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষীৰ। বিপৰীতে ৰাজক প্ৰতাৰণা, জবৰদস্তি গৰ্ভপাত কৰোৱাৰ বাবে গ্ৰেপ্তাৰ।
Leave A Comment