• দুষ্টচক্ৰই পিডিএফ ৰূপত সহজলভ্য কৰিছে অসমীয়া গ্ৰন্থ; উদ্বিগ্ন লেখক-প্ৰকাশক

    আঞ্চলিক
    দুষ্টচক্ৰই পিডিএফ ৰূপত সহজলভ্য কৰিছে অসমীয়া গ্ৰন্থ; উদ্বিগ্ন লেখক-প্ৰকাশক
    ডিজিটেল ডেস্ক: ফেচবুক-ৱাটচএপ গ্ৰুপত অসমীয়া কিতাপৰ অবৈধ পিডিএফ বিতৰণে উদ্বিগ্ন কৰি তুলিছে লেখক-প্ৰকাশকক৷ প্ৰায় দুবছৰজোৰা লকডাউনে অসমৰ ছপা উদ্যোগটোক সমূলি ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল ৷ চৰকাৰে পাঠ্যপুথিৰ বিনামূলীয়া বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাত অসমীয়া গ্ৰন্থৰ প্ৰকাশকসকলে দীৰ্ঘসময়জুৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছিল৷ অভাৱনীয়ভাৱে বন্ধ হৈ গৈছিল কেইবাটাও প্ৰকাশন প্ৰতিষ্ঠান৷ অনেকে কিতাপৰ বিপণীত কিতাপ-আলোচনীৰ সলনি ম’বাইলৰ বিভিন্ন সঁজুলি আৰু গেলামালৰ সামগ্ৰী ৰাখিবলৈ বাধ্য হৈছিল৷ 

    এতিয়া ভূতৰ ওপৰত দানহ পৰাৰ দৰে বান পৰিস্থিতিয়েও অসমৰ ছপা উদ্যোগটোক মাধমাৰ সোধাইছে৷ বহু প্ৰতিস্থানত পানী সোমাই নষ্ট কৰিছে লক্ষাধিক টকাৰ গ্ৰন্থ৷ এনে সময়ত সংকলক আৰু প্ৰকাশকসকলৰ প্ৰতিকূল পৰিস্থিতিক ভ্ৰুকুটি কৰি দুষ্টচক্ৰই বহু কিতাপৰ পিডিএফ ফেচবুক আৰু ৱাটচএপৰ বিভিন্ন গ্ৰুপত সহজলভ্য কৰি তুলিছে ৷

    শেহতীয়াকৈ জাৰি হৈছে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬,৪৪১টা পদৰ বিজ্ঞাপন৷ ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীসমূহে চাকৰিপ্ৰাৰ্থীসকলৰ সুবিধাৰ্থে নিয়োগ প্ৰস্তুতি বিষয়ক বিভিন্ন সহায়িকা পুথি বজাৰত মুকলি কৰি দিছে। কিন্তু পৰিতাপৰ বিষয় এয়ে যে বিভিন্ন দুষ্টচক্ৰই এই কিতাপসমূহ ন্যূনতম মূল্যৰ বিনিময়ত অথবা বিনামূলীয়াকৈ বিতৰণ কৰি থকা পৰিলক্ষিত হৈছে৷ 

    বিষয়টো ইতিমধ্যে পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ধীৰাজ গোস্বামীৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ একেসময়তে ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি বহু লেখকৰ জনপ্ৰিয় কিতাপ লেখক অথবা প্ৰকাশকৰ অনুমতিবিহীনভাৱে এইদৰে সামাজিক মাধ্যমত উপলব্ধ কৰাত এতিয়া হতাশ হৈ পৰিছে ৰাজ্যৰ লেখকৰ লগতে প্ৰকাশকসকল৷