• বাংগালুৰুত বিমানত আকস্মিক মৃত্যু ডিমা হাচাওৰ ধন বাহাদুৰ সোনাৰৰ: নশ্বৰদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত মন্ত্ৰী পীযূষ হাজৰিকাৰ বিশেষ পদক্ষেপ

    আঞ্চলিক
    বাংগালুৰুত বিমানত আকস্মিক মৃত্যু ডিমা হাচাওৰ ধন বাহাদুৰ সোনাৰৰ: নশ্বৰদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত মন্ত্ৰী পীযূষ হাজৰিকাৰ বিশেষ পদক্ষেপ
    অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাত মৃতদেহ ঘৰলৈ শীঘ্ৰে ঘূৰাই আনিব পাৰি চৰকাৰলৈ কৃতজ্ঞতা পৰিয়ালৰ

    ডিজিটেল ডেস্ক: ডিমা হাচাও জিলাৰ পৰা বাংগালুৰুলৈ চিকিৎসাৰ বাবে যোৱা সত্তৰোৰ্দ্ধৰ ব্যক্তি এগৰাকীৰ বৃহস্পতিবাৰে বিমানত উঠাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যু হয়৷ গৃহৰাজ্যৰ পৰা দূৰৈত বাংগালুৰু বিমানবন্দৰত ধন বাহাদুৰ সোনাৰ নামৰ প্ৰয়াত ব্যক্তিগৰাকীৰ মৃতদেহ লৈ তেওঁৰ পৰিয়ালবৰ্গ আবদ্ধ হৈ পৰিছিল৷ 

    বিমান বন্দৰৰ আনুষ্ঠানিকতা আৰু আন আৱেগিক সমস্যাৰে পৰিয়ালৰ আন সদস্যসকল ভাড়াক্ৰান্ত হৈ পৰাত প্ৰয়াত ব্যক্তিগৰাকীৰ সাংবাদিক পুত্ৰ গৌৰৱ সোনাৰে অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকাৰ কাৰ্যালয়ৰ সৈতে সহায়ৰ বাবে যোগাযোগ কৰিছিল৷ 

    সাংবাদিক গৌৰৱ সোনাৰৰ পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পাই মন্ত্ৰী হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিপদত পৰা পৰিয়ালটোক সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহে আৰু বিষয়টো দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অৱগত কৰে৷

    মন্ত্ৰী হাজৰিকাৰ পৰা বিষয়টো অৱগত হৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ক্ষীপ্ৰতাৰে বাংগালুৰু বিমানবন্দৰত আবদ্ধ প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু শৱদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়৷ 

    মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সহযোগিতাত শুকুৰবাৰৰ সন্ধিয়া প্ৰয়াত ধন বাহাদুৰ সোনাৰৰ শৱদেহ বিমানযোগে শিলচৰলৈ লৈ অনা হয় আৰু শিলচৰৰ পৰা এম্বুলেঞ্চৰ সহায়েৰে হাফলঙলৈ লৈ অনা হয়৷ কম সময়ৰ ভিতৰতে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বাংগালুৰুৰ পৰা শৱদেহ ঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম হোৱা প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালে জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাৰ বাবে ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে৷