• পিপিই কিট বিতৰ্ক: মন্ত্ৰী পীয়ুষৰ দাবীৰ পাছতো আঁতৰা নাই ডাৱৰ

    আঞ্চলিক
    পিপিই কিট বিতৰ্ক: মন্ত্ৰী পীয়ুষৰ দাবীৰ পাছতো আঁতৰা নাই ডাৱৰ

    ডিজিটেল ডেস্কঃ ৰাজ্যৰ
    ৰাজনীতিত এইবাৰ গা কৰি
    উঠিছে পিপিই কিট বিতৰ্ক শুকুৰবাৰে
    কংগ্ৰেছ, অজাপ, ৰাইজৰ দলকে
    দৰি ৰাজ্যৰ তিনিটাকৈ বিৰোধী
    দলে সংবাদমেল যোগে 'ভিদ
    মহামাৰী প্ৰতিৰোধী অভিযানৰ নামত ৰাজ্যত বৃহৎ
    কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ
    তোলে লগতে
    'ভিদৰ প্ৰথম ঢৌৰ
    সময়ত ২০২০ চনৰ ১৫
    এপ্ৰিলত অসম চৰকাৰে ক্ৰয়
    কৰা ৫০,০০০ পিপিই
    কিটৰ তথ্য প্ৰকাশ কৰিবলৈও
    ৰাজ্য চৰকাৰক দাবী জনায়



    ইয়াৰ
    পাছতে সমগ্ৰ ৰাজ্যজুৰি এই
    বিষয়টোৱে ব্যাপক চৰ্চা লাভ
    কৰে ৰাজ্য
    চৰকাৰৰ বিৰুদ্ধে এই কেলেংকাৰীৰ অভিযোগ
    উত্থাপন হোৱাৰ পাছতে আজি
    অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ
    হাজৰিকাই আজি এক সংবাদমেল
    যোগে এই বিতৰ্ক সন্দৰ্ভত
    প্ৰতিক্ৰিয়া প্ৰকাশ কৰে
    সংবাদ মেলত ৰাজ্য চৰকাৰৰ
    বিপক্ষে উত্থাপিত হোৱা অভিযোগ সম্পূৰ্ণৰূপে
    ন্যসাৎ কৰে মন্ত্ৰী গৰাকীয়ে



    ৰাজ্য
    চৰকাৰে কেতিয়াও চীনৰ পৰা পিপিই
    কিট ক্ৰয় কৰা নাই
    বুলি মন্তব্য কৰি পীয়ুষ হাজৰিকাই
    পিপিই কিটৰ নামত কোনো
    কেলেংকাৰী হোৱা নাই বুলি
    দৃঢ়তাৰে দোহাৰে লগতে
    এইয়া দুষ্ট চক্ৰৰ অপ:
    প্ৰচাৰ বুলি বুলি অভিযোগ
    কৰে পীয়ুষ হাজৰিকাই



    মন্ত্ৰীগৰাকীয়ে
    কয় যে যিসময়ৰ কথা
    উল্লেখ কৰা হৈছে, সেইসময়ত
    মই নিজে স্বাস্থ্য বিভাগৰ
    এজন ৰাজ্যিক মন্ত্রী আছিলো গতিকে
    এই সন্দৰ্ভত সকলো বিষয়েই মোৰ
    জ্ঞাত



    অৱশ্যে
    চীন দেশৰ পৰা অসমলৈ
    পিপিই কিট অহাৰ কথা
    সত্য বুলি স্বীকাৰ কৰে
    হাজৰিকাই কিন্তু
    এই পিপিই কিটৰ সামগ্ৰী
    সমূহ অসম চৰকাৰে ক্ৰয়
    কৰা নাছিল বুলি উল্লেখ
    কৰে মন্ত্ৰী গৰাকীয়ে



    সংবাদমেলত
    পীয়ুষ হাজৰিকাই কয় যে, চীনৰ
    পৰা পিপিই কিট খিনি
    বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত সৌজন্যতাৰ
    খাতিৰত মন্ত্ৰী হিচাপে তেওঁলোক উপস্থিত
    হৈছিল কিন্তু
    ৰাজ্য চৰকাৰে এই সামগ্ৰীসমূহ
    সংগ্ৰহ কৰা নাছিল
    চৰকাৰে সংগ্ৰহ নকৰাৰ বাবে
    এই ক্ষেত্ৰত চৰকাৰে কোনো ধনো
    ব্যয় কৰা নাই বুলি
    তেওঁ মন্তব্য কৰে



    কিন্তু
    কোন কোম্পানীয়ে চীনৰ পৰা এই
    পিপিই কিটখিনি অসমলৈ আনিছিল সেই
    তথ্য দিব নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে৷
    সংবাদমেলত তেওঁ প্ৰতিষ্ঠানটোৰ নাম
    পাহৰি যোৱা বুলি উল্লেখ
    কৰে৷



    উল্লেখ্য
    যে ২০২০ চনত হিমন্ত
    বিশ্ব শৰ্মাই চীনৰ গুৱাংঝৌৰ
    এটা প্ৰতিষ্ঠানৰ পৰা অসম চৰকাৰে
    পি পি কিটৰ
    এক বৃহৎ পৰিমাণৰ সামগ্ৰী
    ক্ৰয় কৰা বুলি দাবী
    কৰিছিল দেশৰ
    ভিতৰতে সম্ভৱতঃ প্ৰথম বাৰ বাবে
    কোনো এখন ৰাজ্যই নিজে
    এইদৰে বেলেগ দেশৰ পৰা
    সামগ্ৰী ক্ৰয় কৰিছে বুলি
    উল্লেখ কৰিছিল হিমন্ত বিশ্ব
    শৰ্মাই



    কিন্তু
    শেহতীয়াকৈ এক আৰ টি
    আইৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য
    মিছন(এনএইচএম) অসমে ৰাজ্য চৰকাৰে
    কেতিয়াও কোনো পি পি
    কিট ক্ৰয় কৰা
    নাছিল বুলি সদৰি কৰে অসম
    এন.এইচ.এম.-
    কেৱল দেশৰ ভিতৰতে বিভিন্ন
    ব্যৱসায়িক প্ৰতিষ্ঠানক পি.পি..
    কিটৰ অৰ্ডাৰ দিছিল বুলি
    আৰ টি আইৰ উত্তৰত
    উল্লেখ কৰা হৈছে



     ৰাষ্ট্ৰীয়
    স্বাস্থ্য মিছনৰ এই তথ্যক
    কেন্দ্ৰ কৰিয়ে সম্প্ৰতি ৰাজ্য
    চৰকাৰৰ বিৰুদ্ধে পিপিই কিট কেলেংকাৰীৰ
    অভিযোগ উত্থাপন হৈছে