ডিজিটেল ডেস্কঃ বিশিষ্ট কবি ধন দাসৰ ‘কবিতাৰ বিপক্ষে কবিতা’ শীৰ্ষক গ্ৰন্থলৈ আগবঢ়োৱা হৈছে 'অসমীয়া কাব্য সাহিত্য বঁটা-২০২৫'। 'ৰাজপথৰ কবিতা'ৰ প্ৰকাশন সমিতিৰ সভাপতি ডাঃ প্ৰয়াগ শইকীয়া আৰু সম্পাদক কবিন পাটৰে এই বিষয়ে আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।
উল্লেখ্য যে, কা আন্দোলনৰ সময়ৰে পৰা প্ৰকাশ হোৱা এটকীয়া ক্ষুদ্ৰ আলোচনী 'ৰাজপথৰ কবিতা' আলোচনীয়ে কাব্য আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে।
আনহাতে বঁটাৰ বাবে নিৰ্বাচিত হোৱা 'কবিতাৰ বিপক্ষে কবিতা' শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থবাৰ্তা প্ৰকাশনে।
২০২৪ চনৰ অক্টোবৰত প্ৰকাশিত ৭৪ পৃষ্ঠাৰ পকাবন্ধা এই গ্ৰন্থখনত মুঠ ৩২ টা কবিতা আছে। ই
ইয়াৰ আগতে এই বঁটা ২০২৪ চনত বিশিষ্ট কবি নীলিম কুমাৰৰ "সেই জন্তুটোৰ নাম কি?" শীৰ্ষক গ্ৰন্থলৈ আগবঢ়াইছিল।
Leave A Comment