• প্ৰাগ চিনে এৱাৰ্ডছৰ বৰ্ণাঢ্য আয়োজন; অভিনেতা দীনেশ দাসলৈ জীৱনজোৰা সাধনা বঁটা

    আঞ্চলিক
    প্ৰাগ চিনে এৱাৰ্ডছৰ বৰ্ণাঢ্য আয়োজন; অভিনেতা দীনেশ দাসলৈ জীৱনজোৰা সাধনা বঁটা
    ডিজিটেল ডেস্ক: ১৬ ফেব্ৰুৱাৰীত যোৰহাট ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ- ২০২৪‘৷ যোৰহাটত অনুষ্ঠিতব্য ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ অনুষ্ঠানলৈ আহিব বলীউডৰ সংগীত তাৰকা ছনু নিগম৷ ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ এইবাৰৰ থীম: চাহ জনগোষ্ঠীৰ সংস্কৃতি৷ অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণৰ বাবে বিশেষ থীম গ্ৰহণ কৰিছে ‘প্ৰাগ চিনে এৱাৰ্ডছ’এ। চাহ জনগোষ্ঠীৰ বৃহৎ শিল্পী দলৰ ঝুমুৰেৰে আৰম্ভ হ’ব এইবেলিৰ ‘প্ৰাগ চিনে এৱাৰ্ডছ’। ২০২৩ত চেন্সৰ হোৱা ৩০খন চিনেমাৰ মাজৰ পৰা প্ৰদান কৰা হ’ব বঁটাসমূহ। উত্তৰ–পূৰ্বাঞ্চলক সামৰিও আগবঢ়োৱা হ’ব কেইবাটাও বঁটা।



    আজি উলুবাৰীৰ প্ৰাগ টাৱাৰত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ সবিশেষ ঘোষণা কৰিলে এ এম টেলিভিছনৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে। সংবাদমেলত উপস্থিত প্ৰাগ চিনে এৱাৰ্ডছৰ সভাপতি মলয়া গোস্বামী, সদস্য শ্যামকানু মহন্ত, প্ৰাগ নিউজৰ সভাপতি ডাঃ অক্ষতা নাৰায়ণ, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমণি বৰা, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷



    এইবেলি ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা দীনেশ দাসলৈ৷ অৰ্ধ-শতিকাজুৰি প্ৰাণৱন্ত অভিনয়েৰে অসমীয়া দৰ্শকক সন্মোহিত কৰি ৰখা দীনেশ দাসৰ অভিনয় জীৱনক স্বীকৃতি এ এম টেলিভিছনৰ৷ অসমীয়া চিনেমাৰ জনপ্রিয় খলনায়ক হিচাপে পৰিচিত দীনেশ দাসে প্রায় ৭০খন চিনেমাত কৰিছে অভিনয়৷ টিভি ধাৰাবাহিক, ভিচিডিতো সাৱলীল অভিনয়েৰে খ্যাতি লাভ কৰিছে দাসে৷ প্রায় ডেৰ শতাধিক টিভি ধাৰাবাহিক, ভিচিডিত অভিনয় কৰিছে এইগৰাকী অভিনেতাই৷ মুক্তি লাভ নকৰা ‘ভাইটি’ শীৰ্ষক এখন চিনেমাত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল দীনেশ দাসে৷




    ১৯৪২ চনৰ ৫ অক্টোবৰত জন্মগ্রহণ কৰা জনপ্রিয় অভিনেতাজনৰ পিতৃৰ নাম কেশৱ দাস আৰু মাতৃৰ নাম আইকণ বালা দাস। পিতৃ পেছাত এজন আৰক্ষী বিষয়া আছিল। পিতৃৰ কৰ্মস্থলী সঘনাই বদলি হৈ থকা হেতুকে তেওঁ আনুষ্ঠানিক শিক্ষা অসমৰ ভিন ভিন প্ৰান্তৰ বিদ্যালয়ৰপৰা লাভ কৰে। ১৯৪৭ চনত নগাঁৱৰ মাদ্ৰাছাত তেওঁ শিক্ষাৰম্ভ কৰি ১৯৫৯ চনত নগাঁও হাইস্কুলৰ পৰা তেওঁ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ নগাঁও কলেজৰ পৰা আই এ আৰু ১৯৬৪ চনত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। অকলে অভিনয়ে নহয়, দীনেশ দাসৰ আছে বৌদ্ধিক প্ৰতিভাও৷ অভিনয়ৰ উপৰি তেওঁ কাকতে-পত্ৰই লিখা-মেলা কৰি আহিছে আৰু তেওঁৰ গ্ৰন্থও প্ৰকাশ হৈছে। অসম চৰকাৰে তেওঁক প্ৰদান কৰিছে শিল্পী পেন্সন৷



    পোনতে অভিনয়ৰ মাজেদিয়েই কৰ্মজীৱনৰ পাতনি মেলা নাছিল দীনেশ দাসে৷ ১৯৬৭ চনত তেওঁ এলবাৰ্ট ডেভিদ মেডিকেল কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৭৫ চনত তেওঁ নেচনেল টেক্সটাইল কৰ্প'ৰেচনৰ মেনেজাৰৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৯৫ চনত চাকৰিৰপৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি অভিনয়কে জীৱনৰ সাধনা হিচাপে গ্ৰহণ কৰে দীনেশ দাসে৷

    কেনেকৈ অভিনয়ৰ প্ৰেমত পৰিছিল দীনেশ দাস?

    ১৯৫২ চনত নগাঁৱৰ ৰূপহী হাইস্কুলত পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ছোৱাত তুলসী দাসৰ পৰিচালনাত পিয়লি ফুকন নাটকত এজন বাটৰুৱাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে৷ নাট্যকাৰ-পৰিচালক সাৰদাকান্ত বৰদলৈ, চন্দ্ৰ ফুকন আৰু তচদ্দুক ইউচুফৰ পৰিচালনাত বহুকেইখন নাটকত অভিনয় কৰি তেওঁ বহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ছাত্ৰ জীৱনতে। তেওঁ অভিনয় কৰা কেইখনমান নাটক হ'ল একলব্য, শোণিত কুঁৱৰী, সভাপতি ইত্যাদি৷



    নাটকৰ জৰিয়তে লাভ কৰা সফলতাৰ বাবে ৰূপালী পৰ্দাত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে দীনেশ দাসে৷ ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত, আব্দুল মজিদ পৰিচালিত মৰমতৃষ্ণা চিনেমাখনত শিলৰ কোৱেৰীত কাম কৰা এগৰাকী কৰ্মীৰ চৰিত্ৰৰে তেওঁ চিনেমাৰ অভিনয় আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ মানৱ আৰু দানৱ, শেষ বিচাৰ, অনুতাপ, মেঘমুক্তি ইত্যাদি বহুতো চিনেমাত অভিনয় কৰি বৰ্তমানেও অসমীয়া চিনেমাৰ বৰ্ণিল জগতখন কৰি ৰাখিছে উজ্জীৱিত আৰু সন্মোহিত৷