• NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ

    আঞ্চলিক
    NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ
    ডিজিটেল ডেস্কঃ NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত ৰাজহুৱা ধন আত্মসাতৰ গোচৰ তৰিছে হাজেলাৰ বিৰুদ্ধে। NRCৰ বাবে আবণ্টিত ধন বৃহৎ হাৰত কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ হিতেশ দেৱ শৰ্মাৰ। ডাটা এণ্ট্ৰী অপাৰেটৰক দিয়া পাৰিতোষিকৰ নামত এই কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য উল্লেখ আছে এজাহাৰত। 

    এগৰাকী ডাটা এন্ট্ৰী অপাৰেটৰক প্ৰতিমাহে ১৪,৫০০পৰা ১৭,৫০০টকা পাৰিতোষিক দিয়া বুলি দেখুৱাইছিল পূৰ্বৰ সমন্বয়কে। কিন্তু সেইসকল ডাটা এন্ট্ৰী অপাৰেটৰক মাত্ৰ ৫৫০০ৰ পৰা ৯১০০ টকাহে আদায় দিছিল। এইসমূহ কেলেংকাৰি সংঘটিত হৈছিল ২০১৫ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈ। NRCৰ এই ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিতোষিকৰ বাবে পুঁজি দিছিল ১৫৫.৮৩ কোটি টকা। এইসমূহ তথ্য প্ৰকাশ পাইছে মহা গাণনিকৰ অডিট ৰিপ’ৰ্টত।

    মহা গাণনিকৰ এই তথ্যৰ ভিত্তিতে গোচৰ ৰুজু কৰিছে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত। 
    হাজেলাৰ এই কেলেংকাৰিত প্ৰলয় শীল নামৰ এজন ব্যক্তিয়ে মধ্যস্থতাকাৰীৰূপে থকাৰ অভিযোগ উত্থাপন হৈছে। কাৰ্যালয়টোৰ কৰ্মচাৰী অথবা ঠিকাদাৰ নোহোৱাকৈ NRCৰ প্ৰতিটো কামতে হস্তক্ষেপ কৰাৰো অভিযোগ আছে এজাহাৰত। ইয়াৰ উপৰি থাৰ্ট পাৰ্টী মনিটৰিং কনচালটেন্টৰ নামত খৰচ হোৱা ১০.৭৩ কোটি টকাৰ কেলেংকাৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই থাৰ্ট পাৰ্টী মনিটৰিং কনচালটেণ্টৰ গৰাকী আছিল ৰাজেশ জৈন। এই কেলেংকাৰিত জড়িত প্ৰতিগৰাকী লোকক সোধা-পোছা কৰি তদন্ত কৰিবলৈ আহ্বান বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই।