ডিজিটেল ডেস্কঃ ফকিৰগঞ্জৰ এখন ব্যাস্তময় পথৰ দুৰৱস্থা। দুৰৱস্থাৰ বাবেই পথৰ দাঁতিত প্ৰসৱ কৰোৱা হ'ল এগৰাকী গৰ্ভৱতী মহিলাক ।
পথৰ দুৰৱস্থাই উদঙাইছে ফকিৰগঞ্জ অঞ্চলৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ।ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়লৈ যোৱাৰ একমাত্ৰ পথৰ এনে অৱস্থা ।
নচলে গাড়ী নচলে ভৰি ।১ বছৰ পূৰ্বে বাৰিষা কালত বাঢ়নি পানীয়ে বিনষ্ট কৰিছিল ৰাস্তাটো । তাৰ পিছতে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে শুভাৰম্ভ কৰিছিল পথৰ মাজত এখন কালবাৰ্ট। কিন্তু ১ টা বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে পথৰ নিৰ্মাণ। এতিয়া লেহেমীয়া পথ নিৰ্মাণক লৈ প্ৰশ্ন ভুক্তভোগী ৰাইজৰ?
Leave A Comment