• অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগ; সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱা বিষয়ক গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি

    আঞ্চলিক
    অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগ; সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱা বিষয়ক গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি
    ডিজিটেল ডেস্ক: অসমৰ সত্ৰীয়া সংস্কৃতি আৰু সাহিত্যৰ উদ্ধাৰ আৰু প্ৰকাশত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা, চিত্ৰ-ভাগৱতৰ দৰে ৰঙীন পুথিচিত্ৰ অসমীয়া, হিন্দী আৰু ইংৰাজীত প্ৰকাশ কৰাৰ দৰে বৈপ্লৱিক সম্পাদনা আৰু মুদ্ৰণ কাৰ্য সম্পাদন কৰা, প্ৰকাশন গোষ্ঠী দত্তবৰুৱা এণ্ড কোম্পানীৰ প্ৰতিস্থাপক, সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাৰ জীৱন আৰু কৰ্মৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা কৰা হৈছে৷ 

    অসম ডাউন টাউন বিশ্ববিদ্যালয়ে প্ৰতিবছৰে আয়োজন কৰি অহা ‘হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা’ৰ লগত সংগতি ৰাখি এইবাৰ এই গ্ৰন্থখন প্ৰকাশ কৰা হ’ব৷ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিবলৈ গ্ৰন্থখনৰ সম্পাদকদ্বয়ে অসমৰ বিভিন্ন ঠাইৰ লেখক-গৱেষক আৰু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে জনা লোকৰ পৰা প্ৰবন্ধ, স্মৃতিচাৰণ, অভিজ্ঞতা আৰু চিঠি-পত্ৰ ফটো আদিৰ সহযোগ বিচাৰিছে৷ 

    এই মাহৰ ১৫ তাৰিখৰ ভিতৰত লেখা আৰু ফটো আদি book.adtu@gmail.com মেইলত বা ৭০০২৭৩০৩৭১ নম্বৰত হোৱাটছএপ কৰি পঠাবলৈ অনুৰোধ জনাইছে৷ গ্ৰন্থখনি সম্পাদনা কৰিব উৎপল দত্ত আৰু ডঃ ৰুবী গোস্বামীয়ে৷