• মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক আতিথ্য প্ৰদান কৰি চৰকাৰে দৈনিক ব্যয় কৰিছে ৮ লাখ টকা; সংবাদমেলত ৰাইজৰ দলৰ অভিযোগ

    আঞ্চলিক
    মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক আতিথ্য প্ৰদান কৰি চৰকাৰে দৈনিক ব্যয় কৰিছে ৮ লাখ টকা; সংবাদমেলত ৰাইজৰ দলৰ অভিযোগ
    ডিজিটেল ডেস্ক: ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰে অসম সম্পৰ্কিত হৈ পৰা বিষয়ত আজি সংবাদমেল সম্বোধন কৰে ‘ৰাইজৰ দল’এ৷ মঠঘৰীয়াস্থিত ‘ৰাইজৰ দল’ৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে দলৰ উপ-সভাপতি ৰাছেল হুছেইনে৷

    দুটা দশকৰ ভিতৰত এইবেলি অসমত সৰ্বাধিক বান হোৱা বুলি উল্লেখ কৰি হুছেইনে একেসময়তে ৰেডিশ্বন ব্লুত মহাৰাষ্ট্ৰৰ বিধায়কসকলে বাহৰ পাতি থকাৰ নামত  প্ৰতিদিনে অসম চৰকাৰে ৮ লাখ টকা অপচয় কৰাৰ অভিযোগ উত্থাপন কৰে৷

    তেওঁ কয়, মহাৰাষ্ট্ৰৰ পৰা অহা ৪৪জন ঘোঁৰাক অসম চৰকাৰে ৰাজ আতিথ্য দিয়াটো অতি দুৰ্ভাগ্যজনক। তথ্য প্ৰদান কৰি তেওঁ কয়, বিশেষ চাৰ্টাৰ্ড বিমানযোগে প্রায় পঞ্চাশ লাখ টকা ব্যয় কৰি মহাৰাষ্ট্ৰৰ পৰা অসমলৈ আহিছিল ঘোঁৰা বিধায়কসকল। প্ৰতিদিনে খোৱাৰ নামত খৰছ হৈছে আঠ লাখ টকা আৰু থকাৰ নামত আজিপর্যন্ত খৰছ হৈছে ১ কোটি ১২ লাখ টকা। এই ধন ক’ৰ পৰা আহিছে প্ৰশ্ন ৰাইজৰ দলৰ৷

    একেদৰে, ২০১৭ চনত অসমৰ বানৰ নামত দিয়া  ধনৰ পৰিমান শূন্য। ২০১৭ চনত অসমত বানত মৃত্যু হোৱা পৰিয়ালক  প্রধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দুই লাখ টকা দিয়াৰ কথা কৈছিল যদিও সেই সাহায্য ভুক্তভোগী পৰিয়ালে আজিও নাপালে বুলি উল্লেখ কৰে দলটোৱে৷ 

    মুখ্যমন্ত্ৰীয়ে কৈছে ৰেডিচন ব্লুৰ পৰা পোৱা কৰ দি বানপানীৰ সাহায্য দিব তেন্তে কিয় কৈছিল অসমত দিল্লীয়ে ধন উপচাই দিয়া বুলি। সংবাদ মেলত তেওঁ কয়, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে মহাৰাষ্ট্ৰৰ বিধায়কে অসমত ভাল হোটেল আছে কাৰণে আহিছে৷ আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কৈছে মহাৰাষ্ট্ৰৰ বিধায়কে অসমলৈ অম্বুবাচী মেলা চাবলৈ আহিছে। দাদা ব্ৰিগেডক ৰেডিশ্বন ব্লুত চকীদাৰী কৰাৰ পৰিৱৰ্তে বানাক্ৰান্তক সহায় কৰাৰ আহ্বান ৰাজৰ দলৰ। এই কাৰ্যৰ দ্বাৰা অসমৰ পঞ্চাশ লাখ বানপীড়িতক চৰকাৰে অপমান কৰিছে বুলি উল্লেখ কৰি তেওঁ সোনকালে ৰেডিশ্বন ব্লু খালী কৰিবলৈ দাবী জনায়৷ নহ’লে ৰাইজৰ দলে ৰাজপথত প্ৰবল আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

    ছুপাৰ চাকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলে কয়, ছুপাৰ ছাকাৰৰ নামত কোটি কোটি টকা খৰচ কৰিছে চৰকাৰে কিন্তু, কৰ্মচাৰী সকলক মহিলী বেতন দিব পৰা নাই চৰকাৰে৷ 
    বান সাহায্যৰ নামত অসম প্ৰবঞ্চিত হৈ থকাৰ অভিযোগ তুলি দলটোৱে কয়, বিগত তিনিটা বছৰত NDRFৰ নামত দিল্লীৰ পৰা মাত্ৰ ৪৪.৩৭ কোটি টকাহে দিয়া হৈছিল।