• নলাই নলাই মেলিছে মাছ ; ডেংগু-মেলেৰিয়া ৰুধিবলৈ পৌৰ নিগমৰ অভিনৱ পন্থা

    আঞ্চলিক
    নলাই নলাই মেলিছে মাছ ; ডেংগু-মেলেৰিয়া ৰুধিবলৈ পৌৰ নিগমৰ অভিনৱ পন্থা
    ডিজিটেল ডেস্ক: সম্প্ৰতি গুৱাহাটীত ডেংগু আৰু মেলেৰিয়া সংক্ৰমণ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে৷ ডেংগু আৰু মেলেৰিয়া সংক্ৰমণ ৰোধ কৰিবলৈ গুৱাহাটী পৌৰ নিগমে জিলা প্ৰশাসনৰ সহযোগত গ্ৰহণ কৰিছে এক নতুন পন্থা৷ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নলাসমূহত মহৰ মাছ বুলি জনাজাত গাপ্পী মাছ মেলিছে৷ উল্লেখনীয় যে মহৰ কণী গাপ্পী মাছৰ প্ৰিয় আহাৰ৷ এইবিধ মাছে ডেংগু আৰু মেলেৰিয়া সংক্ৰমণকাৰী  মহৰ প্ৰজনন হ্ৰাস কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালনকৰে৷

    গুৱাহাটীৰ উপ-পৌৰপতি স্মৃতা ৰায়ে সদৰি কৰিছে যে মহৰ সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবৰ বাবে গুৱাহাটী মহানগৰীৰ নলাসমূহত গাপ্পী মাছ মুকলি কৰাৰ কথা নিশ্চিত কৰে। এই মাছবোৰ নলা নৰ্দমাত মেলি দিয়া ডেংগু আৰু মেলেৰিয়াৰ দৰে মহৰ পৰা সংক্ৰমিত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ এক স্বাভাৱিক উপায়, এই পদক্ষেপৰ পাছত মহৰ সংখ্যা নিয়ন্ত্ৰণ হোৱাৰ লগতে ৰোগীৰ সংখ্যা হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰিছে উপ-পৌৰপতিগৰাকীয়ে৷

    মহানগৰীত ডেংগুৰ প্ৰভাৱ দূৰ কৰাৰ এক বৃহৎ পৰিকল্পনাৰ অংশ হিচাপে গাপ্পী মাছ মেলা পদক্ষেপ গ্ৰহণ কৰিছে পৌৰনিগমে। মহৰ প্ৰজনন ক্ষেত্ৰ হিচাপে পৰিগণিত পানী জমা হৈ থকা এলেকা সমূহত জিএমচি আৰু স্থানীয় কৰ্তৃপক্ষই যৌথভৱে কাম কৰিছে।

    ডেংগু প্ৰতিৰোধী এই কৌশলে চহৰখনৰ বাসিন্দাসকলক সুৰক্ষা প্ৰদানত আশাব্যঞ্জক সফলতা লাভ কৰিব বুলি আশাবাদী গুৱাহাটী পৌৰনিগম৷ দীঘলীয়া সময়ৰ বাবে গ্ৰহণ কৰা গাপ্পী মাছ মুকলি কৰা এই পদক্ষেপ কিমান দূৰ ফলপ্ৰসূ হ’ব সেয়া লক্ষ্যণীয় হ’ব৷