• গুৱাহাটীত পিঁয়াজ, আলুকে ধৰি শাক-পাচলিৰ অত্যাধিক দাম বৃদ্ধি

    আঞ্চলিক
    গুৱাহাটীত পিঁয়াজ, আলুকে ধৰি শাক-পাচলিৰ অত্যাধিক দাম বৃদ্ধি
    ডিজিটেল ডেস্কঃ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে সকলো ধৰণৰ নিত্য ব্যৱহাৰ্য সা-সামগ্ৰী আৰু খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়েও ভূতৰ ওপৰত দানহ পৰাৰ লেখিয়া হৈ পৰিছে৷ শেহতীয়াভাৱে ৰাজ্যখনৰ শাক-পাচলিৰ বজাৰত মধ্যভোগীৰ দপ্‌দপনিয়ে খুচুৰা ব্যৱসায়ী তথা সাধাৰণ গ্ৰাহকক জলাকলা খুওৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ 

    পিঁয়াজ, আলুকে ধৰি শাক-পাচলিৰ দাম গুৱাহাটীত বৃদ্ধি পাইছে। ১৫ জুনত খুচুৰা বিক্ৰেতাসকলে পাইকাৰী বিক্ৰেতাৰ পৰা প্ৰতি কুইণ্টলত ২২০০ টকাত আলু ক্ৰয় কৰিছিল। আজি খুচুৰা বিক্ৰেতাসকলে প্ৰতি কুইণ্টলত ২৪০০ টকাত আলু ক্ৰয় কৰিব লগা হৈছিল। একেদৰে খুচুৰা বিক্ৰেতাসকলে ১৫ জুনলৈকে পাইকাৰী ব্যৱসায়ীসকলৰ পৰা প্ৰতি কুইণ্টলত ১৮০০ টকাত  পিয়াঁজ ক্ৰয় কৰিবলগীয়া হৈছিল। আজি তেওঁলোকে প্ৰতি কুইণ্টলত ২১০০ টকাত পিঁয়াজ ক্ৰয় কৰিছিল।

    গুৱাহাটীত এতিয়া খুচুৰা বিক্ৰেতাই প্ৰতি কেজিত ৮০ টকাৰ তলত কোনো শাক-পাচলি বিক্ৰী নকৰে। আলুৰ পূৰ্বৰ ৩০ টকাৰ বিপৰীতে আলু ৩৬ টকা, পিঁয়াজ ৩০ টকাৰ বিপৰীতে  ৩৬/৩৭ টকা, লেচেৰা ৬৫ টকা, পূৰ্বৰ ৬০ টকা বিলাহী এতিয়া বিক্ৰী হৈছে ৭০ টকা, বীন ৬৫ টকা, কেপচিকাম ৮৫ টকা।

    মধ্যভোগী দালালৰ বাবেই আজি দৰঙৰ খাৰুপেটীয়া, বেছিমাৰীত অতি কম মূল্যত বিক্ৰী হোৱা শাক-পাচলি গুৱাহাটীৰ বজাৰত চৰা দামত বিক্ৰী হৈ আছে৷ শেহতীয়াভাৱে খাৰুপেটীয়াৰ দৈনিক বজাৰত কেইবিধমান শাক-পাচলিৰ পাইকাৰী বজাৰ মূল্য এনেধৰণৰ – প্ৰতিকিলোগ্ৰাম হিচাপত লেচেৰা ২৫-৩০ টকা, তিয়ঁহ ৩০ টকা, ভেন্দী ২৫-৩০ টকা, বেঙেনা ৩০-৪০ টকা, পানীলাউ গোটে ২০-২৫ টকা ইত্যাদি৷ উল্লেখযোগ্য যে আন আন শাক-পাচলিবোৰৰ মূল্য বৰ্তমান খাৰুপেটীয়াৰ বজাৰত ২০১ পৰা সৰ্বাধিক ৪০ টকাৰ ভিতৰতে সীমাবদ্ধ৷ কিন্তু এই শাক-পাচলিৰ মূল্য গুৱাহাটীৰ বজাৰত হয়গৈ নূ্যনতম ৮০ টকাৰ পৰা ১০০ টকা ৷