• ৰে’লৱেৰ লাইন ডাঙৰ কৰাত বালিপৰা মোলান পুখুৰী গাঁৱত নোহোৱা হ’ল পথ

    আঞ্চলিক
    ৰে’লৱেৰ লাইন ডাঙৰ কৰাত বালিপৰা মোলান পুখুৰী গাঁৱত নোহোৱা হ’ল পথ
    - নাৰায়ণ দেৱ

    শোণিতপুৰ জিলাৰ ৭৪নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰা মোলান পুখুৰী গাঁৱৰ আজিও ব্যাপক দুৰৱস্থাই বিৰাজ কৰি আছে৷ সহস্ৰাধিক লোকে বসবাস কৰা গাঁওখনত নাই এটাও পথ। পথ অবিহনেই গাঁওখনত আছে প্ৰায় ৪০বছৰ পুৰণি এখন প্ৰাথমিক বিদ্যালয়। পথ নথকাৰ বাবেই গাঁওখনত মৃত্যু হৈছে এগৰাকী লোকৰ৷

    আচলতে গাঁওখনত পথ নাছিল বুলি ক’লে ভুল হ’ব৷ এসময়ত ভাল পথ আছিল মোলানপুখুৰী গাঁৱত। ৰে’লৱে’ অহাৰ পূৰ্বে৷ গাঁওখনৰ সমীপতে বালিপৰা ৰে’লৱে’ ষ্টেচন (BVU), তেতিয়া সকলো ভালে আছিল৷ ৰে’লো চলিছিল পথো আছিল।

    কিন্তু, ৰে’লৱে’ৰ ডাঙৰ লাইন অহাৰ পাছতে ৰে’লৱে’ই গাঁওবাসীক বেলেগ এটা পথৰ ব্যৱস্থা কৰি দিয়াৰ কথা দি বন্ধ কৰি পেলালে একমাত্ৰ পথটি আৰু অস্থায়ীভাৱে চলিবলৈ কাষত মুকলি কৰি দিলে আন এটা পথ। সকলো ঠিকে চলি থকাৰ মাজতে কেইবছৰমান পূৰ্বে এটা দুৰ্ঘটনা হোৱাৰ পাছতে বন্ধ কৰি দিলে সেই অস্থায়ী পথটোও। তেতিয়াৰ পৰা  গাঁওখনত আৰম্ভ হ’ল জৰাজীৰ্ণ জীৱন-যাপনৰ। পথৰ বাবে মৃত্যু হ’ল এজন লোকৰো, মাজতে এগৰাকী বৃদ্ধা অসুস্থ হোৱাত ঠেলাত উঠাই চাৰিজন লোকে দাংকোলাকৈ নিবলগীয়া হ’ল৷

    এনে অসুবিধাৰ বাবে কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী হাতত ল’লে গাঁওবাসীয়ে, কিন্তু আজিলৈ কোনো সমাধান নহ’ল।

    কেইবাবাৰো ৰে’লৱে’ৰ মহাপ্ৰবন্ধকৰ লগতো যোগাযোগ কৰা হৈছিল এই সন্দৰ্ভত। পূৰ্বৰ বিধায়ককে ধৰি উপায়ুক্ত আৰু বহুতো ৰে’লৱে’ বিষয়াৰ লগত যোগাযোগ কৰা হ’ল, গাঁওবাসীৰ অনুৰোধ কিবা এটা ব্যৱস্থা কৰি দিব লাগে। কেইবাবাৰো সংবাদ মাধ্যমত প্ৰকাশ পালে এই তথ্য কিন্তু তথাপি আজিলৈ একো সমাধান নহ’ল৷ আজিৰ কথা যদি কবলৈ যাওঁ (ভগৱানে নকৰক) যদি কিবা কাৰণত গাঁওখনত জুই লাগে, তেন্তে বৃহৎ গাঁওখনৰ এটা ঘৰো সুৰক্ষিত হৈ নাথাকিব৷ কিয়নো, গাঁওখনত সোমাব নোৱাৰিব কোনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন৷

    বালিপৰা মূল চেন্টাৰৰ ট্ৰেফিক পইন্টৰ পৰা মাত্ৰ ৫০০মিটাৰ মান দূৰত্বত থকা তথা বালিপৰা ৰে’ল ষ্টেচনৰ গাতে লাগি থকা মোলান পুখুৰী গাঁৱৰ একমাত্ৰ দুৰ্গম পথ তথা গাঁওখনলৈ অহা-যোৱা কৰা লোকৰ দুৰৱস্থা কেতিয়া সমাধান হ’ব ভাবি ভাবি কেতিয়াবা চকু পানী ওলাই আহে৷ দৈনন্দিন বিভিন্ন ধৰণৰ ভয়ংকৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আছে আমি৷ সেয়ে এই মাধ্যমৰ জৰিয়তে আমি সংশ্লিষ্ট আটাইৰে দৃষ্টি আকৰ্ষণ কৰিলোঁ৷