ডিজিটেল ডেস্ক: ৰাজ্যত বান পৰিস্থিতিয়ে শেহতীয়াকৈ সৃষ্টি কৰিছে জটিলতাৰ৷ বানপীড়িত অঞ্চলসমূহত শক্তি বিভাগৰ গাফিলতিয়ে পক্ষীকুল তথা মানৱকুললৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে৷ এনে সময়ত জলমগ্ন পথাৰসমূহত বিপদজনকভাৱে উন্মুক্ত হৈ পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰসমূহে মানৱ তথা পক্ষীকুললৈ ভয়ানক ভাবুকি কঢ়িয়াই আনিছে৷
মাথোঁ কেইদিনমান পূৰ্বে উন্মুক্ত ট্ৰেন্সফৰ্মাৰৰ সমীপত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি লৈছিল নলবাৰীৰ শিক্ষক ভৱেশ দাসে। এনে কৰুণ ঘটনাৰ পুনৰাবৃত্তি হৈ থকাটো দুৰ্ভাগ্যজনক৷
একেই কাৰণত বিগত প্ৰায় তিনিমাহে দৈনিক শতাধিক চৰাই বিদ্যুৎ পৰিবাহী তাঁৰত ভৰি দি মৃত্যুমুখত পৰিছে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত৷ বিশেষকৈ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শান্তিপুৰ গাঁৱত প্ৰতিদিনে কপৌ, মাছৰোকা, মইনা, ঘনচিৰিকা আদি চৰাইৰ লগতে বিলুপ্তপ্ৰায় বহু চৰাইৰ মৃত্যুয়ে সচেতন গাঁওবাসী তথা প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে৷ বাৰম্বাৰ শক্তি বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাৰ পাছতো বিভাগটোৱে এইক্ষেত্ৰত গাফিলতি কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷
Leave A Comment