• অয়লৰ প্ৰভাৱ থকা সত্ত্বেও নিযুক্তিত অগ্ৰাধিকাৰৰ পৰা বঞ্চিত শিৱসাগৰৰ যুৱক

    আঞ্চলিক
    অয়লৰ প্ৰভাৱ থকা সত্ত্বেও নিযুক্তিত অগ্ৰাধিকাৰৰ পৰা বঞ্চিত শিৱসাগৰৰ যুৱক
    - বিদ্যাজিত মাচোৱা

    অইল এফেক্টড অঞ্চলৰ টেকনিকেল আৰু নন-টেকনিকেল শিক্ষিত নিবনুৱাসকলক অগ্ৰাধিকাৰ দিয়ে নে নিদিয়ে মই জানিব বিচাৰিছোঁ৷ মই আগতে চাকৰিৰ আবেদন কৰোঁতে তাত শিতান এটা পাইছিলোঁ যে যদি অইল এফেক্টড অঞ্চল হয় তাত উল্লেখ কৰিব লাগে। এতিয়া কথা হ’ল যদি এনেকুৱা অগ্ৰাধিকাৰ দিয়া ব্যৱস্থা আছে, তেন্তে ঠাইবিশেষেহে এই সুবিধা পাই আছে।

    গতিকে আমাৰ আশে-পাশে আমাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ভাল-বেয়া প্ৰভাৱ পেলাব পৰা উদ্যোগ, প্ৰতিষ্ঠান, হাস্পতাল বা অইল ৰীগ যিয়ে নহওক, যদি আহে বা আহিলে মাটি এৰি নিদিওঁ বুলি আন্দোলন কৰাসকলে পাছত নীৰৱ হৈ যায়, তেতিয়া লোকসকলৰ প্ৰাপ্যৰ বঞ্চিত হৈ যায়৷ কথা হ’ল এনে উদ্যোগ আহিলে জাতি-বৰ্ণ নিৰ্বিশেষে সকলো ওচৰ চুবুৰীয়া উপযুক্ত যুৱক-যুৱতীসকলে আগভাগ লৈ সংস্থাপন বিচাৰি যাব লাগে আৰু জাতীয় সংগঠনবিলাকে এই বিষয়ত অধিক গুৰুত্ব দি কথা পাতিব লাগে৷ অকল বিৰোধ প্ৰদৰ্শন কৰি আকৌ পাছত নীৰৱতা অৱলম্বন কৰিলে নুশুৱায়৷ তেনেকৈয়ে সম্ভাৱনাময় যুৱক-যুৱতীসকল উপেক্ষিত হৈ থাকি যায় আৰু ভৱিষ্যতে ভাল কিবা এটা কৰাৰ সুযোগ এটা সপোনৰ দৰে আহে আৰু গুচি যায়৷

    আমি যেনেকৈ বৰ্তমান ওচৰতে অইলৰ ৰীগ এটা থাকিও উপযুক্ত শিক্ষা থকাৰ পাছতো চাকৰি লাভৰ ক্ষেত্ৰত একো কথা-বতৰা হোৱা গম নাপাওঁ। সেইবোৰৰ সলনি পাইছোঁ অকল মাটিৰ তলত তেল বিচাৰি থকাৰ জোকাৰণিৰ অনুভৱ, দুই এটা সংগঠনৰ দাবী-হুংকাৰ আৰু মাজে মাজে ঘৰ-দুৱাৰতো ভূমিকম্পৰ দৰে জোকাৰণি তোলে৷ কাৰণ শব্দৰ পাছতে বেৰত ফাট হোৱাৰ চিন দেখি পাইছোঁ। ক্ষতিপূৰণ আশা কৰি লিখা নাই।ভুক্তভোগী যুৱক-যুৱতীসকলে চেষ্টা এটা কৰিব বুলিহে কথাখিনি লিখিলোঁ৷