• মৌন প্ৰতিবাদ, শীঘ্ৰে মণিপুৰলৈ ঘূৰাই আনক স্বাভাৱিক অৱস্থা

    আঞ্চলিক
    মৌন প্ৰতিবাদ, শীঘ্ৰে মণিপুৰলৈ ঘূৰাই আনক স্বাভাৱিক অৱস্থা
    ডিজিটেল ডেস্ক : আজি প্ৰায় ডেৰ বছৰে ভাতৃঘাতী সংঘৰ্ষত অশান্ত মণিপুৰ। এতিয়ালৈকে কেইবাশ লোক এই সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে, হাজাৰ হাজাৰ মানুহে ঘৰ-বাৰী হেৰুৱাই মাহৰ পাছত মাহ আশ্ৰয় শিবিৰত অবৰ্ণনীয় অৱস্থাত দিন কটাবলগা হৈছে।মানুহৰ স্বাভাৱিক জীৱন নোহোৱাৰ হোৱাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰ নিৰ্বিকাৰ।মণিপুৰৰ অস্বাভাৱিক অৱস্থাৰ কথা তেওঁলোকে মানি ল’বই নিবিচাৰে। সংসদত সেই বিষয়ে একো আলোচনা কৰিব নিবিচাৰে।আজিলৈকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱস্থাৰ বুজ ল’বলৈ এবাৰো মণিপুৰলৈ যোৱা পৰিলক্ষিত নহ'ল। 

    দৰাচলতে আমাৰ দেশ কেনেকৈ চলিছে তাৰ জ্বলন্ত উদাহৰণ মণিপুৰ। ৰাষ্ট্ৰযন্ত্ৰ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণকৈ হাত কৰি, বিভিন্ন কৌশলেৰে বিৰোধীৰ মাজত বিভাজন আনি আৰু অকল্পনীয় ধনবল ব্যৱহাৰ কৰি কেৱল নিৰ্বাচনত জিকাটোৱে হৈ পৰিছে এতিয়া বিজেপিৰ ৰাজনীতি।তাৰ শেহতীয়া উদাহৰণ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ।সকলোৱে ভাবিছিল লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক কিছু বেকায়দাত পেলাব।কিন্তু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইদুৰ সমৰ্থনত চলি থকা বিজেপি চৰকাৰখনে আগৰ দৰেই এতিয়াও এফালৰ পৰা সকলো মহতীয়াই নিব ধৰিছে।আনহাতে, সাম্প্ৰদায়িক বিষবাষ্প, মূল্যবৃদ্ধি, কৰ্মসংস্থানহীনতা আৰু আন হাজাৰটা সমস্যাই সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে।শাসকীয় দলৰ উচতনি আৰু আনমনা মনোভাবৰ বাবেই আজি মণিপুৰৰ এই অৱস্থা। কালি সেই অৱস্থা উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজলৈ বিয়পি নাযাব তাৰ কি নিশ্চয়তা আছে? বিজেপিৰ এই কুশাসনৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ বিকল্প-বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু সাধাৰণ ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টা।সেয়ে আহক ১০ ডিচেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ দিনা মণিপুৰৰ জনসাধাৰণ লগত সমমৰ্মিতা প্ৰকাশ কৰি মণিপুৰলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবীত আমি সকলোৱে  ঐক্যবদ্ধ হৈ আবেলি ২ বজাৰ পৰা ৩ বজালৈ এক মৌন প্ৰতিবাদত অংশগ্ৰহণ কৰোঁ!