ডিজিটেল ডেস্কঃ মানুহ আৰু কুকুৰৰ সম্পৰ্ক অতি নিবিড়। মানুহৰ জীৱনযাত্ৰাত কুকুৰৰ সংগই যুগ যুগ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কুকুৰৰ কিছুমান এনে ঘটনা শুনিবলৈ পোৱা যায় যিবোৰে ভাবিবলৈ বাধ্য কৰাই যে কুকুৰক এনেই ‘প্ৰভুভক্ত’ আখ্যা দিয়া হোৱা নাই। কুকুৰে প্ৰেম, সমৰ্থন আৰু নিৰন্তৰ সংগী হৈ আমাৰ জীৱন সুন্দৰ কৰি তোলে। কুকুৰে আৱেগিক সমৰ্থন আৰু চৰ্তহীন প্ৰেম প্ৰদান কৰে, ফলত মানসিক স্বাস্থ্য উন্নত হয়।
কিন্তু আমাৰ সমাজত এনে বহু মানৱ ৰূপী দানৱ আছে যিয়ে অমাত জীৱৰ ওপৰত অত্যাচাৰ চলায় ভালপায়। পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত এক নৃশংস কাণ্ড সংঘটিত হৈছে।
জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হল প্ৰভূভক্ত এজনী মাইকী কুকুৰ। মাত্ৰ দুদিন পূৰ্বে এই কুকুৰজনীয়ে জন্ম দিছিল পাঁচটাকৈ কুকুৰ পোৱালী। এই ঘটনা সংঘটিত হৈছে পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত। ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খোৱাৰ অপৰাধতে কুকুৰজনীক নৃশংস ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ এজন যুৱকে। মাতৃক বিছাৰি এতিয়া হাহাকাৰ কৰিছে পোৱালীকেইটাই।
৫টাকৈ পোৱালিয়ে দুগ্ধপান কৰি আছে মৃত মাতৃৰ দেহৰ পৰা।দুদিনৰ পূৰ্বে জন্ম হোৱা পোৱালিকেইটাই। সিহঁতি বুজি উঠিব পৰা হোৱা নাই যে, মাক আৰু এই পৃথিৱীত নাই! জীৱশ্ৰেষ্ঠই মাকক মৰিয়াই মৰিয়াই কৰিছে হত্যা। মাতৃয়ে খাদ্যৰ সন্ধানত ‘ব্ৰইলাৰ ফাৰ্ম’ৰ পৰা মাংস খোৱাৰ অপৰাধত মৃত্যুদণ্ড দিলে দিব্যজ্যোতি শইকীয়াই।
এই হৃদয় বিদাৰক ঘটনা দেখিলে হয়তো সকলোৰে চকুত চকুৰপানী বৈ আহিব। এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিছাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ। পোৱালীকেইটাই মাকক বিছাৰি ব্যাকুল হোৱাৰ দৃশ্য দেখি কান্দি কান্দি ব্যাকুল হৈ পৰিল আইমাতৃসকল। মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলাসকলে ন্যায় বিছাৰি পুৰণিগুদাম আৰক্ষীৰ কাষ চাপিছে। দোষীক উপযুক্ত শাস্তিৰ দাবী জনালে স্থানীয় মহিলাসকলে।
Leave A Comment