ডিজিটেল ডেস্কঃ লংকা আৰু হাৱাইপুৰ ৰে’ল ষ্টেচনৰ মাজত অঘটন৷ নামনিমুৱা বিজি ৰে’লৰ খুন্দাত নিহত এগৰাকী ৮ বছৰীয়া শিশু৷
নিহত শিশুগৰাকী লংকাৰ ২নং পিপল পুখুৰীৰ শিৱা দাস বুলি জানিব পৰা গৈছে৷
নিহত শিশুগৰাকী নিজ মাতৃৰ সৈতে ৰে’লপথেৰে লংকালৈ খোজকাঢ়ি গৈ আছিল৷
পিছফালৰ পৰা অহা নামনিমুৱা চলন্ত বিজি ৰে’লৰ গাত ঘঁহনি খাই বাগৰি পৰে ৰে’লপথৰ শিলৰ ওপৰত৷
লংকা ৰে’ল ষ্টেচনৰ চিকিৎসালয়ত চিকিৎসক নোহোৱাৰ বাবে আহত শিশুগৰাকীক বিজি ৰে’লেৰেই লৈ যোৱা হয় হোজাইলৈ৷
কিন্তু হোজাই চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু ঘটে দুৰ্ঘটনাগ্ৰস্ত শিশুটিৰ৷
ৰে’ল বিভাগৰ চিকিৎসক তথা চিকিৎসা বিভাগৰ গাফিলতিতেই শিশুগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ।
Leave A Comment