ডিজিটেল ডেস্কঃ প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ, শদিয়াৰ টুপছিঙাস্থিত বাসগৃহত বুধবাৰে উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ অখিল গগৈ । প্ৰয়াত শিল্পী গৰাকীৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে বিধায়কগৰাকীয়ে ।
উল্লেখযোগ্য যে প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালটোক সকাহ প্ৰদান কৰিবলৈ সৰ্বমুঠ ২ লাখ টকা প্ৰদান কৰে অখিল গগৈয়ে৷ উক্ত ধন ৰাশিৰ ১ লাখ টকাৰ এখন চেক কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ পৰা প্ৰদান কৰাৰ লগতে নগদ এক লাখ টকা নিজৰ দৰমহাৰ পৰা প্ৰদান কৰে৷
ইয়াৰ উপৰিও তেওঁ প্ৰয়াত শিল্পী গৰাকীৰ পুত্ৰৰ পঢ়া-শুনাৰ সম্পূৰ্ণ দায়িত্ব আৰু পত্নীৰ সংস্থাপনৰ দায়িত্ব লোৱাৰ আশ্বাস প্ৰদান কৰে ।
অসম, অসমীয়াৰ হৈ সদায় গীত গাই জাতিক উদ্বুদ্ধ কৰি অহা ৰাজীৱৰ অবৰ্তমানত যাতে পৰিয়ালটোক কিছু হ'লেও সকাহ দিব পাৰে তাৰ বাবে অৰ্কিড পাৰ্কৰ তৰফৰ পৰা ১লাখ টকাৰ চেক আৰু ব্যক্তিগতভাৱে ১লাখ টকা তেওঁৰ পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰে অখিল গগৈয়ে । পৰিয়ালৰ অনুমতি সাপেক্ষে ৰাজীৱ শদিয়াৰ সন্তানৰ পঢ়াশুনাৰ দায়িত্ব লোৱাৰ ইচ্ছা প্রকাশ কৰাৰ লগতে গণশিল্পী গৰাকীৰ সমাধিক্ষেত্ৰখন সুন্দৰকৈ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লোৱাৰ উপৰিও ৰাজহুৱা আদ্যশ্ৰাদ্ধখনত সম্পূৰ্ণ সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। গণশিল্পী গৰাকীৰ পত্নীৰ এটা চৰকাৰী চাকৰিৰ বাবেও মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাই অখিল গগৈয়ে।গৰাকীৰ পুত্ৰৰ পঢ়া-শুনাৰ সম্পূৰ্ণ দায়িত্ব আৰু পত্নীৰ সংস্থাপনৰ দায়িত্ব লোৱাৰ আশ্বাস প্ৰদান কৰে ।
Leave A Comment