• ৰঙানদীৰ বানে লখিমপুৰত ঢাঁহি-মুহি নিলে বহু ঘৰ-দুৱাৰ, দুজনৰ মৃত্যু

    আঞ্চলিক
    ৰঙানদীৰ বানে লখিমপুৰত ঢাঁহি-মুহি নিলে বহু ঘৰ-দুৱাৰ, দুজনৰ মৃত্যু
    ডিজিটেল ডেস্ক : নীপকো সৃষ্ট প্রলয়ংকৰী বানে আজি পুৱতি নিশা লখিমপুৰত বিভীষিকাময় পৰিস্থিতিৰ কৰে। সংহাৰী বানে ৰঙানদীৰ মথাউৰি চাৰি ঠাইত বিচ্ছিন্ন কৰাৰ লগতে দুজন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। ৰঙানদীৰ বানে নাওবৈচাৰ লগতে আমতলা অঞ্চলতো বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰে। 

    নীপকো কর্তৃপক্ষই ৰঙানদী প্ৰকল্পৰ পৰা ৰঙানদীৰ বুকুত এৰি দিয়া পানীৰ বাবেই শনিবাৰে লখিমপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কালি পুৱতি নিশা প্রায় ৩ বজাত হঠাতে অহা বানে পহুমৰা-চিলনীবাৰী সংযোগী পথৰ ওপৰেৰে প্রায় ৫০০ মিটাৰ এলেকাৰে পানী বাগৰি সমগ্র অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।

    ৰঙানদীৰ বানে নিমিষতে বহু লোকৰ ঘৰ-দুবাৰ উটুৱাই নিয়াৰ লগতে পহুমৰা মাজগাঁৱত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়াত ব্যাহত হৈ পৰে। পথৰ দুয়োমুৰে শ-শ যান-বাহন আবদ্ধ হৈ পৰাৰ লগতে সমগ্র অঞ্চলটোত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয়। হঠাতে পুৱতি নিশা অহা বানে শ-শ লোকৰ ঘৰ-দুৱাৰ বুৰাই পেলোৱাত তেওঁলোকে ঘৰৰ কোনো সা-সম্পদ ৰক্ষা কৰিব নোৱাৰিলে। বানাক্ৰান্ত লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথত কোনোমতে আশ্রয় লৈ প্রাণ বচোৱাৰ বিপৰীতে পোহনীয়া জীৱ-জন্তুকে ধৰি কোনো বয়-বস্তুৱেই বানৰ পৰা বচাব নোৱাৰি কান্দোনত ভাগি পৰে। ইয়াৰ মাজতে এছ ডি আৰ এফৰ লগতে আৰক্ষী আৰু বন বিভাগৰ লোকেও উদ্ধাৰ অভিযানত অংশগ্রহণ কৰি দুৰ্গত লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে।

    লক্ষণীয় কথা যে ৰঙানদীৰ বানৰ প্ৰবল সোঁতে আজি এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলোৱাৰ সময়ত ৮জন লোকক পানীৰ সোঁতে নাওসহ উটুৱাই নিবলৈ ধৰে যদিও বাহিনীটোৱে অতি কৌশলেৰে আটাইকেইজন লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ইফালে, ৰঙানদীৰ বানে আমতলাতো মথাউৰি ছিঙি প্ৰবল বানৰ সৃষ্টি কৰে। নগৰ গাঁৱত ৰঙানদীৰ বানে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ লগতে বানৰ কবলত পৰি ৰাজকুমাৰ টাইদ নামৰ লোকজনৰ মৃত্যু হয়। তেনেদৰে পহুমৰাতো কালি ৰঙানদীৰ বানত বীৰেন ওৰফে মনোৰঞ্জন পাৱে নামৰ এজন লোকৰো মৃত্যু হয়। লখিমপুৰ জিলা প্রশাসনে বানাক্রান্ত লোকসকলক বান সাহায্য বিতৰণ নকৰাত ৰাইজে ক্ষোভ প্রকাশ কৰিছে। 

    ইফালে, ৰঙানদীত নীপকোৱে পানী এৰি দিয়া সন্দৰ্ভত পূর্বে নদীপৰীয়া লোকসকলক সতৰ্ক কৰি নিদিয়া বুলিও অভিযোগ উত্থাপিত হৈছে। নীপকোৱে যোৱা নিশা তিনিখন গে'টেৰে প্ৰথমে ৬ হাজাৰ আৰু পাছত ৮ হাজাৰ এম এম পানী এৰি দিয়াৰ ফলতে নামনিত প্রবল বানৰ সৃষ্টি হয়। শনিবাৰে এই বানৰ তাণ্ডৱত পহুমৰা-কিমিন পথত পানী বাগৰাৰ ফলত বহু পকী গৃহ বিধ্বস্ত হোৱাৰ লগতে পানীয়ে প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি কৰে। ৰঙানদীৰ বানে শতজান পক্ষী উদ্যানখন বুৰাই পেলোৱাত ইয়াৰ আপুৰুগীয়া মাছ-কাছসমূহ বাহিৰলৈ ওলাই যোৱাৰ লগতে পক্ষী উদ্যানখনৰ বিস্তৰ ক্ষতি সাধন কৰে।
    উৎসঃ দৈনিক জনমভূমি