ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। ৯ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি যুৱতী। ধৰ্ষণকাণ্ডৰ ভিডিঅ’ বনাই যুৱতীক নিৰ্মম অত্যাচাৰ চলালে ৯ পাষণ্ডই।
৫ দিন পূৰ্বে বৰাগাঁও নিজৰাপাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগনতে নিশা সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড। মুহূৰ্ততে দলবদ্ধ ধৰ্ষণৰ চাঞ্চল্যকৰ ভিডিঅ’ হৈছিল ভাইৰেল।
ভাইৰেল ভিডিঅ’ৰ ভিত্তিত বৰাগাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত গড়চুক আৰক্ষীয়ে আটক কৰিছে এতিয়ালৈ ছয় জনক৷
আৰক্ষীয়ে আটক কৰিছে কুলদীপ, পিংকু দাস, মৃণাল, গগণ, বিজয় আৰু সৌৰভ নামৰ ৬ পাষণ্ডক৷
বৰ্তমানো মুকলি আকাশৰ তলত তিনি মূল অভিযুক্ত মাষ্টাৰ মাইণ্ড ৰবীন দাস আৰু দীপাংকৰ আৰু কৃষ্ণ।
এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰকাণ্ডৰ বলি হোৱা ভুক্তভোগী যুৱতীৰগৰাকীৰ পৰিচয়।
নিশাৰ ভাগত অকলশৰে বৰাগাঁৱত কৰ পৰা আহিল যুৱতীগৰাকী তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ।
ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গড়চুক আৰক্ষী থানাত ধৰ্ষণৰ কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ত থকা যুৱককেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে।
Leave A Comment