• ‘গজৰাজে’ই শেষ ভৰষা, বান বিধ্বস্ত অসমত বন্যাৰ্তৰ ত্ৰাণকৰ্তা ৰূপত কোন এই ‘গজৰাজ’?

    আঞ্চলিক
    ‘গজৰাজে’ই শেষ ভৰষা, বান বিধ্বস্ত অসমত বন্যাৰ্তৰ ত্ৰাণকৰ্তা ৰূপত কোন এই ‘গজৰাজ’?
    ডিজিটেল ডেস্কঃ বান বিধ্বস্ত নামনি অসম। প্ৰবল বৃষ্টিপাতৰ বাবে  বাকছা, নলবাৰী, বজালী, দৰং, তামুলপুৰ, হোজালি, কামৰূপ জিলা ব্যাপকভাবে বানপানীত ক্ষতিগ্ৰস্ত হৈছে। অবিৰত উদ্ধাৰ অভিযানত নামিছে ভাৰতীয় সেনা বাহিনী। স্থানীয় প্ৰশাসনৰ সহযোগত বৃহস্পতিবাৰৰ পৰা ভাৰতীয় সেনাৰ ‘গজৰাজ’ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই গৈছে অবিৰাম। দিনে-নিশাই গজৰাজ বাহিনীৰ ৯টা দলে উদ্ধাৰ অভিযান চলাই যোৱা দেখা গৈছে। 

    উদ্ধাৰকাৰী দলটোত অভিযন্তা আৰু স্বাস্থ্যকৰ্মী থকা বুলিও খবৰ আহিছে। প্ৰাপ্ত খবৰ অনুযায়ী নলবাৰী জিলাৰ সাঠিকুছি গাঁৱত আবদ্ধ হৈ আছিল ১০৫ জন স্থানীয় লোক। গজৰাজ বাহিনীয়ে তেওঁলোকক সুকলমে উদ্ধাৰ কৰে। ইয়াৰোপৰি বাক্সা জিলাৰ দমদমাৰ বান বিধ্বস্ত স্থানীয় লোকৰ উদ্ধাৰ অভিযোনে অব্যাহত ৰাখিছে গজৰাজ বাহিনীয়ে।

    উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ পিছত বৰলীয়া নদী আৰু জিলাখনৰ অন্যান্য মুখ্য নদীসমূহৰ জলস্তৰো ক্ৰমাত্‍ বৃদ্ধি পাইছে। অলপতে, বৰলীয়া নদীৰ বানে চৌমুখাৰ এটা বেষ্টনীৰ এটা অংশক ক্ষতিগ্ৰস্ত কৰে আৰু হাজো অঞ্চলৰ কেইবাখনো গাঁও প্লাৱিত কৰি তোলে৷ একেদৰে, কামৰূপ জিলাৰ ৰঙিয়া উপ-সংমণ্ডলৰ অন্তৰ্গত কমেও ৭৭খন গাঁও বানৰ ফলত প্ৰায় ৪৪,০০০ লোক জলমগ্ন হৈ পৰিছে। প্ৰৱল বানৰ কবলত বৰপেটা সত্ৰ। পাঠশালাৰো একাধিক অঞ্চল এতিয়া পানীৰ তলত। স্বাভাৱিকতে, অসমৰ এনে ভয়াৱহ সামগ্ৰিক পৰিৱেশ হৈ পৰিছে চিন্তনীয় বিষয়।