ডিজিটেল ডেস্ক: অসমৰ সাহিত্য জগতলৈ এক সুখবৰ৷ অসমীয়া সহিত্যজগতৰ এগৰকী বৰেণ্য কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। কবিগৰকাীৰ ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা পুথিৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। একাধাৰে কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী সমীৰ তাঁতীলৈ এই সন্মান আগবঢ়োৱাৰ বাবে অসমৰ সাহিত্য জগতলৈ আনন্দৰ বন্যা বৈছে৷
উল্লেখযোগ্য যে কবিগৰাকীয়ে যিখন কাব্য গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি লাভ কৰিছে সেই কাব্যগ্ৰন্থ ‘ফৰিংবোৰে বাটৰ কথা জানে’ ২০১৮ চনতে লিখা হৈছিল আৰু ২০২১ চনত কবিতা পুথিখন প্ৰকাশ আহে ২০২২ চনত এই কবিতা পুথিখন পাঠকৰ বাবে মুকলি কৰে।
কবিগৰাকীয়ে ১৯৮৭ চনত তেওঁ পৰ্যটন বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণৰ সুযোগ লাভ কৰিছিল। এই ভ্ৰমণকালত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু অনুভৱৰ প্ৰতিফলন এই কাব্য গ্ৰন্থখন। এই কবিতা সমূহ সুদীৰ্ঘকাল এইবোৰ সংশোধিত আৰু পৰিমাৰ্জিত কৰাৰ অন্তত কবিতা পুথি আকাৰে প্ৰকাশ কৰা হয়। তেওঁৰ কবি কবিতাবোৰত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা, ৰাজনৈতিক বিষয় আৰু উগ্ৰপন্থীৰ সমস্যা আদি দিশবোৰ প্ৰতিফলিন পৰিলক্ষিত হয়।
কবিগৰকীয়ে এই বঁটা লাভ কৰা সন্দৰ্ভত কয় যে লেখকে কোনো প্ৰাপ্তিৰ বাবে সৃষ্টি নকৰে। বিশাল জনগণৰ স্বপ্ন, বিষাদ, আনন্দ, হাঁহি, কান্দোন আদি তুলি ধৰি মানৱতাৰ বাবে সৃষ্টি কৰে।
কবিগৰাকীৰ উল্লেখ যোগ্য গ্ৰন্থ সমূহ হৈছে যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯০), অত্যাচাৰৰ টোকাবহী (১৯৯৩), সেউজীয়া উৎসৱ(১৯৯৪), বিষয় দুৰ্ভিক্ষ (১৯৯৪), এই আন্ধাৰ এই পোহৰৰ তন্ময়তা(১৯৯৮), কদম ফুলাৰ ৰাতি (২০০১),বিষাদ সংগীত (২০০৪), তেজ আন্ধাৰৰ নাও (২০০৬), কায়াকল্পৰ বেলা (২০১৩), যাওঁগৈ ব’লা, ফৰিংবোৰে বাটৰ কথা জানে (২০২১)৷ শেহতীয়াকৈ তেওঁৰ দুখন কবিতা পুথি ‘বিগলিত প্ৰাৰ্থনা’, ‘ল’গ পাম ক’ৰবাত এদিন’ প্ৰকাশ পাইছে৷ ইয়াৰোপৰি কবিতাৰ উপৰি চিত্ৰশিল্পৰ চৰ্চাতো আগ্ৰহী তাঁতীৰ ‘কাফ্ৰি কবিতা’ (১৯৮৭) নিগ্ৰো অনুবাদ কবিতাৰ সংকলন। তেওঁৰ প্ৰকাশিত দুখন গদ্য-সংকলন।তেওঁৰ স্বনিৰ্বাচিত কবিতাৰ সংকলন ‘সময় শব্দ সপোন’(১৯৯৬) আৰু ‘ঈশ্বৰ আবৰ্জনা আৰু পতিতালয়’(১৯৯৮) তেজ আন্ধাৰৰ নাও তদুপৰি ‘দেশ বিভাজনৰ গল্প’ আৰু এন্ধাৰে গৰকা সময়’ নামৰ দুখন গ্ৰন্থ সম্পাদনা কৰিছে সমীৰ তাঁতীয়ে৷
প্ৰসংগক্ৰমে, তেওঁক ২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। উইলিয়ামছনছ মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছে।
Leave A Comment