ডিজিটেল ডেস্ক : কাজিৰঙাত চৰকাৰী চোৰৰ দপদপনি! গঁড় গণনাৰ নামত এই চৰকাৰী চোৰে লুণ্ঠন চলাইছে লাখে লাখে টকা৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় গণনাৰ কাৰ্যসূচী ২৬ মাৰ্চৰ পৰা উদ্যানৰ আটাইকেইটা বনাঞ্চলতে চলিছিল। এই গঁড় গণনাৰ কাৰ্যসূচী ২৮ মাৰ্চত সমাপ্ত হয়৷
ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ডিফলু নৈক দুটা ভাগত ভাগ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বিশ্বনাথৰ ৮টা খণ্ডক সামৰি মুঠ ৮৪টা খণ্ডত গঁড়ৰ গণনা কৰা হয়। প্ৰথমদিনা কাজিৰঙাৰ ডিফলু নদীৰ দক্ষিণ পাৰৰ ৪৮টা খণ্ডত গঁড় গণনা সম্পন্ন হয়৷ দ্বিতীয় দিনা ডিফলু নদীৰ উত্তৰ পাৰৰ ২৮টা খণ্ড আৰু বিশ্বনাথ সংমণ্ডলৰ ৮টা খণ্ডক সামৰি মুঠ ৩৬টা খণ্ডত গঁড় গণনাৰ কাম সম্পন্ন হয়৷ গঁড় গণনাত বনবিভাগে চৰকাৰী আৰু বেচৰকাৰী ৪৫টা হাতী ব্যৱহাৰ কৰে৷
উল্লেখ্য যে, এই গণনাৰ নামত তিনিদিনত খাদ্যৰ নামতে ১৭ লাখ টকাকে ধৰি মুঠ ৩০ লাখ টকা চৰকাৰী ধন ব্যয় কৰা দেখুৱাইছে বনবিভাগে৷ ইয়াৰ বিপৰীতে লাখটকীয়া ব্যয় কৰিবলগীয়া খাদ্য খুওৱা হোৱা নাছিল বুলি অভিযোগ কৰিছে কাজিৰঙাৰ প্ৰণৱ দলেই৷ আনহাতে, গঁড় গণনাৰ নামত চৰকাৰী পক্ষই লুটপাত চলোৱা বুলি অভিযোগ তুলি সামগ্ৰিক ঘটনাৰ তদন্ত দাবী কৰিছে৷
Leave A Comment