ডিজিটেল ডেস্ক : অপৰাধজনিত ঘটনাই একপ্ৰকাৰ ছানি ধৰিছে অসম৷ ধৰ্ষণ, হত্যা, চুৰি-ডকাইতি, শিশু অপৰাধ ইত্যাদি ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক৷ অসম আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতো কিছুমান উদ্বেগজনক কাণ্ডই অসমখনৰ এখন অতি ভয়াবহ ছবি উন্মোচিত কৰিছে।
চুৰি-ডকাইতিৰ নামত অসমীয়া সমাজখনৰ ঐতিহ্য, সম্ভ্ৰম আৰু যুগমীয়া চিনাকিক নিঃশেষ কৰাত নামি পৰিছে একাংশ অসৎ মনোবৃত্তিৰ লোক৷
এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতীৰ ক্ষোভ আৰু অনুৰোধ। অসমলৈ আহি চৰম আলৈ আথানি হৈছে যুৱতীগৰাকীৰ দলটোৰ। যুৱতীগৰাকীয়ে নিজকে পৰিচয় দিছে ৰাইডাৰ ননী হিচাপে। ননীৰ লগত আহিছিল ৪ জনীয়া দল।
মহিলা সৱলীকৰণৰ উদ্দেশ্য হাতত লৈ দেশৰ অধিকাংশ ৰাজ্যত বাইক ৰাইড কৰা ৰাইডাৰ ননীসহ দলটো অসমত আহি হৈ পৰিছে দিশহাৰা। ৰাইডাৰকেইগৰাকীক বিপদত পেলাই অসমত চোৰে লৈ গ'ল এখন বাইক। মোহিত কুমাৰ নামৰ যুৱকজনৰ বাহন খন চুৰি হৈছে বুলি জানিব পৰা গৈছে।
চিচিটিভিত বন্দী হ'ল চোৰৰ চুৰিকাণ্ডৰ দৃশ্য ৷ উত্তৰাখণ্ডৰ ৰাইডাৰগৰাকীৰ বাইকখন চুৰি হ'ল সৰুসজাইত৷ অসম আৰক্ষীক মেনশ্যন কৰি এতিয়া সহায় বিচাৰিছে ৰাইডাৰ ন'নীয়ে৷ চুৰি হোৱা বাহনখনৰ নম্বৰ UP13BW7375
এই ঘটনা চৰ্চিত হোৱাৰ পাছতে অসমত আইন শৃংখলা সন্দৰ্ভত আকৌ উঠিছে প্ৰশ্ন। ঘটনা সন্দৰ্ভত অসম চৰকাৰৰ আৰু প্ৰশাসনৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেয়া হ'ব যথা সময়ত লক্ষ্যনীয়। একেসময়তে এই ঘটনাই বহিঃৰাজ্যৰ নাগৰিকৰ সমুখত উন্মোচিত কৰিলে অসমৰ নিৰাপত্তাহীনতাৰ পৰিবেশ৷
Leave A Comment