• অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন বৰ্জন কৰিলে ৰীতা চৌধুৰীসহ বহু বিশিষ্ট কবি- সাহিত্যিকে

    আঞ্চলিক
    অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন বৰ্জন কৰিলে ৰীতা চৌধুৰীসহ বহু বিশিষ্ট কবি- সাহিত্যিকে
    ডিজিটেল ডেস্কঃ নাৰায়ণপুৰত আৰম্ভ হৈছে অসম সাহিত্যসভাৰ  অধিৱেশন৷ কিন্তু এইবেলিযেন সাহিত্যসভাৰ অধিৱেশনকলৈ ৰাজ্যৰ বহু লোকৰে বিশেষ আগ্ৰহ নাই৷ সাহিত্যৰসিক, সাহিত্যিকৰ সলনি এইবাৰৰ সাহিত্যসভাৰ অভিৱেশনত ৰাজনীতিকৰ ভিৰ হোৱাৰ কথাই বহুতকে অসন্তুষ্ট কৰি তোলাও পৰিলক্ষিত হৈছে৷ এক কথাত সাহিত্য সভাৰ এইবেলিৰ অধিৱেশন যেন হৈ পৰিছে বিজেপিৰ ধৰ্মসভা স্বৰূপ৷ 

    ইয়াৰ মাজতে আহিছে ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক-বুদ্ধিজীৱীয়ে অসম সাহিত্যসভাৰ নাৰায়ণপুৰ অধিৱেশন বৰ্জন কৰাৰ  খবৰ৷ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়েও সাহিত্যসভাৰ অভিৱেশন বজন কৰিছে৷ 

    নিজৰ ফেচবুক পোষ্টত বিশিষ্ট সাহিত্যিকগৰাকীয়ে লিখিছে -"অসমৰ এই শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যপূৰ্ণ আৰু মানুহৰ অন্তৰত স্থান লাভ কৰা অনুষ্ঠানটোৰ প্ৰতি সদিচ্ছা আছে৷  কিন্তু ৰাইজৰ জ্ঞাতাৰ্থে কেইটামান কথা লিখাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ, অন্যথাই ৰাইজে মোক ভুল বুজাৰ সম্ভাৱনা৷
    দুদিনমান আগতে সামাজিক মাধ্যমত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ কাৰ্যসূচীখনক কেন্দ্ৰ কৰি আলোচনা হোৱা দেখি চোৱাত মোৰ নামটো চকুত পৰিল৷ মোক অধিবেশনৰ এখন মুকলি সভা উদ্বোধনৰ দায়িত্ব দিয়া হৈছে৷ আচৰিত হৈ পৰিলোঁ৷ কাৰণ এই সম্পৰ্কে মোৰ লগত কোনো যোগাযোগ হোৱা নাছিল৷ মোক নজনোৱাকৈ তেওঁলোকে মোৰ নামটো কাৰ্যসূচীত সন্নিবিষ্ট কৰিছে৷ সামাজিক মাধ্যমত লিখাৰ আগতে সভাপতি কুলধৰ শইকীয়াক ফোন কৰি জনালোঁ এই ধৰণৰ কাম গ্ৰহণযোগ্য নহয়৷ উচিতো নহয়৷ তাৰ দুদিন পিচত দেৱজিত বৰাই ফোন কৰিলে৷ মই সুধিলোঁ তেওঁ সাহিত্য সভাৰ কি দায়িত্বত আছে— তেওঁ তেনে কোনো বিশেষ দায়িত্বত নাই আৰু শইকীয়া ডাঙৰীয়াই যোগাযোগ কৰিবলৈ কোৱাৰ বাবে মোলৈ ফোন কৰিছে বুলি জনালে৷ তাৰ এদিন পিচত বোধকৰোঁ কোনোবাই আমাৰ ঘৰত নিমন্ত্ৰণী পত্ৰ এখন দি থৈ গ’ল৷ কোনো ফোন নাহিল৷ দিল্লীত আছোঁ বাবে পত্ৰখন মই দেখা নাই৷
    সামাজিক সৌজন্য মানি প্ৰথাগতভাৱে আমন্ত্ৰণ নকৰা এটা অনুষ্ঠানৰ নিমন্ত্ৰণ গ্ৰহণ কৰাটো মই উচিত বুলি বিবেচনা নকৰোঁ৷ সেয়েহে বহুত ভাবি ৰাজহুৱা কৰিবলৈ সিদ্ধান্ত ল’লো, যাতে ৰাইজে মোৰ অনুপস্থিতিক ভুল ভাবে নলয়৷ শইকীয়া ডাঙৰীয়াই মোলৈ ফোন কৰি সভালৈ যাবলৈ অনুৰোধ কৰিছে কিন্তু মোৰ বাবে এই কাম সম্ভৱ নহ’ব৷নাৰয়ণপুৰ অধিবেশনৰ সফলতা কামনা কৰিলোঁ৷ অসম সাহিত্য সভাৰ প্ৰতি সদিচ্ছা সদায় আছে আৰু থাকিব৷"


    আনহাতে সাহিত্য সভাৰ নানান খাম-খেয়ালিৰ বাবে আন কেইবাগৰাকীও সাহিত্যিকে সাহিত্য সভাৰ অভিৱেশন বৰ্জন কৰিছে৷ৰাজনৈতিক নেতাক বাদ দি সাহিত্য সভাৰ কাৰ্যসূচীত যি দুই এজন সাহিত্যিকৰ নামহে উল্লেখ থকাৰ অভিযোগো উঠিছে৷  সেইসকল সাহিত্যিককো আকৌ  সভাই চিঠি দিয়াটো বাদেই ,ফোন এটাও নকৰিলে৷ যোগাযোগ নকৰাকৈয়ে কাৰ্যসূচীত  নাম সুমুৱাই দিলে ড° ৰীতা চৌধুৰী, জ্ঞান পূজাৰী, জীৱন নৰহ আদিৰ৷ ফলত তেওঁলোক আটাইয়ে সাহিত্যসভাৰ কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত লৈছে৷  

    ৰাজনীতিৰ মেৰপেছত সোমাই পৰা  সাহিত্য সভাকলৈ অসন্তুষ্ট বিশিষ্ট চিন্তাবিদ হীৰেন গোঁহাইয়ে কয় যে সাহিত্য সভাই পূৰ্বে অসমৰ ঐক্য-সংহতি আৰু জাতীয় স্বাৰ্থৰ হকে যুঁজ দিছিল।তাৰ পৰা আঁতৰাই আনি ক্ৰমে ধৰ্মৰ প্ৰতি অধিক আসক্ত কৰিলে শঠামিতিৰ ৰাজনৈতিক নেতাবিলাকৰ অসম-বিৰোধী চক্ৰান্ত সহজে চলাই যাব পৰা হব।ফলত এদিন অসমখন ভাঙি খণ্ডবিখণ্ড কৰি কেন্দ্ৰৰ অধীন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত কৰা সম্ভৱ হব।তেতিয়া অসমৰ আৰু অসমীয়াৰ অবশিষ্ট স্বাধীনতা লোপ পাব। 


     এনেদৰেই ৰাজ্যৰ বহু সাহিত্যিক-চিন্তাবিদে অসম সাহিত্যসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে৷