ডিজিটেল ডেস্কঃ দ্ৰুতবেগী ট্ৰাকে পুনৰ প্ৰাণ কাঢ়িলে সাতগাওঁৰ এগৰাকী মেধাৱী ছাত্ৰীৰ। আজাৰা থানাৰ অন্তৰ্গত খনামুখত কালি দিনৰ ভাগত সংঘটিত হোৱা ভয়ানক পথ দুৰ্ঘটনাত চিকিৎসাধীন অৱস্থাত আজি মৃত্যুক সাৱটি লয় মেঘালয়ৰ USTM ত স্নাতক চুড়ান্ত বৰ্ষত অধ্যয়নৰত চিমৰন হাজৰিকা(২০)নামৰ ছাত্ৰীগৰাকীয়ে।
আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ এক্সেল হাস্পতালত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে জেৰিফা বেগম(২০) নামৰ আন এগৰাকী ছাত্ৰী।পৰিয়ালে জনোৱা মতে মহানগৰীৰ সাতগাঁও, নোৱাপাৰা নিবাসী পিতৃ আমজেদ আলী আৰু মাতৃ জন্তি বেগমৰ একমাত্ৰ সন্তান চিমৰণ হাজৰিকাই কালি নিজৰ AS01F -V4929 নম্বৰৰ স্কুটিখনৰে বান্ধবী জেৰিফা বেগমj লগত বান্ধৱীৰ জন্মদিনৰ উৎসৱত ভাগ লবলৈ বৰঝাৰ অভিমুখে গৈ থকাৰ সময়তে দিনৰ প্ৰায় ১১.৩০ মান বজাত খনামুখত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
সেই সময়ত পিছফালৰ পৰা আহি থকা ASO1KC8841 নম্বৰৰ ট্ৰাকখনে পিছফালৰ স্কুটিখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত স্কুটি চালকসহ স্কুটি আৰোহী বহুত দূৰলৈ চিটিকি পৰে।এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিমৰণ হাজৰিকা আৰু জেৰিফা বেগমক পিছত স্থানীয় ৰাইজৰ সহযোগত আজাৰা আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাই যদিও আজি পুৱতি নিশা ছয়মাইলস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চিমৰণ হাজৰিকাই।
ইপিনে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে আজাৰা আৰক্ষীয়ে।
Leave A Comment