• তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মহিলাৰ মৃত্যু! প্ৰাতঃভ্ৰমণলৈ অহাৰ সময়তে ঘটিল শোকাৱহ দুৰ্ঘটনা

    আঞ্চলিক
    তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মহিলাৰ মৃত্যু!  প্ৰাতঃভ্ৰমণলৈ অহাৰ সময়তে ঘটিল শোকাৱহ দুৰ্ঘটনা
    ডিজিটেল ডেস্কঃ অবৈধ বালি কঢ়িওৱা ডাম্পাৰে প্ৰাণ কাঢ়িলে এগৰাকী মহিলাৰ। মল্লিকা গগৈ দুৱৰা নামৰ মহিলাগৰাকী প্ৰাতঃভ্ৰমণলৈ ওলাই অহাৰ সময়তে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হয়। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে চেলেংহাটত। 

    ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনে।  ইতিমধ্যে চেলেংহাট আৰক্ষীয়ে জব্দ কৰিছে ডাম্পাৰখন।

    ডাম্পাৰখন শ্যামন্ত গগৈ নামৰ বালি ব্যৱসায়ীগৰাকীৰ বুলি জানিব পৰা গৈছে। 

    ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 04-BC-6286।

    ঘটনাৰ পাছতেই স্থানীয় লোকে মহিলাগৰাকীক চিকিৎসাৰ বাবে আমগুৰি সামূহিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

    চেলেংহাট-টেঙাবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি সৰবৰাহ চলি আছে। এইক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।

    মহিলাগৰাকীৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।