ডিজিটেল ডেস্কঃ ৰূপহীহাটৰ তেলিয়াচাপৰি গাঁৱৰ এটি দুই বছৰীয়া শিশুৰ কৰুণ কাহিনী। চকুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত দুবছৰীয়া শিশুটি। লাহে লাহে চকু বাহিৰলৈ ওলাই আহিছে শিশুটিৰ।
শিশুটিৰ চকুৰ দুৰাৰোগ্য ৰোগত ভুগিছে বিগত দুমাহ ধৰি। ৰূপহীহাটৰ তেলিয়াচাপৰী গাঁৱৰ জাহাঙ্গীৰ আলমৰ ২ বছৰীয়া পুত্ৰ আৰিফ আহমেদৰ চকুৰ অৱস্থাই সকলোৰে বুকু কঁপাই তুলিছে।
এই ফুলকুমলীয়া শিশুটিৰ চকুৰ অৱস্থা দেখিলে চকুলো টুকিব আপুনিও। চকুৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ বাবে বেংগালুৰুত অপাৰেশ্যন কৰাইছিল কণমানিটোৰ।
অপাৰেশ্যনৰ দুমাহ পাছতে লাহে-লাহে কণমাণি আৰিফৰ চকু বাহিৰলৈ ওলাই আহে। শিশুটিয়ে এনে অৱস্থাত যমৰ যাতনা ভুগিছে।
আৰ্থিক অৱস্থা জুৰুলা হোৱাৰ বাবেই দৰিদ্ৰ পৰিয়ালটোত নামি আহিল কাল অমানিশা। পৰিয়ালটোৱে উপায়বিহীন হৈ শিশুটিক সু চিকিৎসা কৰোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে অসমৰ ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত।
কোনো সদাশয় ব্যক্তিয়ে কণমানিটোৰ মুখলৈ চাই দৰিদ্ৰ পৰিয়ালটোক অলপ আৰ্থিক সাহায্য আগবঢ়াব পাৰিব
একাউণ্ট নম্বৰ AC- 0928001700116087
IFSC- PUNB0092800
9074416723 আৰু 6901147211 গুগল পে' নম্বৰ যোগে আৰ্থিক সাহায্য দিব পাৰিব।
Leave A Comment