ডিজিটেল ডেস্ক: আজি ঘোষিত হ’ল সাহিত্য অকাদেমি বঁটা৷ অকাদেমিৰ মূল বঁটাৰ লগতে অনুবাদ শিতানতো আজি ঘোষণা কৰা হয় বঁটা৷ ২৩টা ভাৰতীয় ভাষাত আজি এই বঁটা ঘোষণা কৰা হৈছে৷ অসমীয়া ভাষাত এই বঁটা লাভ কৰিছে জনপ্ৰিয় গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷
২০১৭চনত প্ৰকাশিত ‘ভুলসত্য’ শীৰ্ষক গল্পগ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে মনোজ গোস্বামীয়ে৷ ১৯৬২ চনত নগাঁৱত জন্মগ্ৰহণ কৰা গোস্বামীয়ে নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত সাংবাদিকতা কৰাৰ পূৰ্বে তিনি বছৰ শিক্ষকতা কৰিছিল মনোজ গোস্বামীয়ে৷
সমীৰণ বৰুৱা আহি আছে, এলুমিনিয়ামৰ আঙুলি, পাঁচজন বন্ধু, ভাইৰাছ আৰু অন্যান্য ইত্যাদি গল্প সংকলনৰ ৰচয়িতা মনোজ কুমাৰ গোস্বামী পেছাগতভাৱে এগৰাকী সাংবাদিক৷
আজি ঘোষিত অকাদেমি বঁটাত অসমীয়া, বড়ো আৰু নেপালী ভাষাৰ বাবে এই বঁটা লাভ কৰিছে ক্ৰমে মনোজ কুমাৰ গোস্বামী, ৰশ্মি চৌধুৰী আৰু খৰ্গ বাহাদুৰ নেপালীয়ে৷
লগতে অসমীয়া, বড়ো আৰু নেপালী ভাষাত ২০২২ বৰ্ষৰ সাহিত্য অকাদেমি অনুবাদ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ক্ৰমে ড° জুৰি দত্ত, ৰাজা দেৱজিৎ বসুমতাৰী আৰু পূৰ্ণ কুমাৰ শৰ্মা৷
Leave A Comment