ডিজিটেল ডেস্কঃ ২৪ বছৰত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুকে। ২০০২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা শৰাইঘাট অসম ইয়াৰবুক-২০২৫ গ্ৰন্থ খন এইবেলি তথ্যৰ মেটমৰা সম্ভাৰেৰে ২৪ সংখ্যক বৰ্ষৰ সংস্কৰণ হিচাবে প্ৰকাশ পাইছে। শৰাইঘাট অসম ইয়াৰবুক-২০২৫ গ্ৰন্থখন প্ৰকাশ কৰিছে পাণবজাৰ, গুৱাহাটীৰ আৰ জি পাব্লিকেশ্বনছে আৰু গ্ৰন্থ খন সম্পাদনা কৰিছে জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই।
ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি সমাজৰ সকলো স্তৰৰ লোকৰ বাবে প্ৰয়োজনীয় বিবেচিত হোৱা ১২৩২ পৃষ্ঠাৰ শৰাইঘাট অসম ইয়াৰবুক-২০২৫ ত অসম, ভাৰত আৰু বিশ্বৰ হাজাৰ হাজাৰ অতি প্ৰয়োজনীয় তথ্য সন্নিবিষ্ট কৰা হৈছে। অসম, ভাৰত, বিশ্বৰ ইতিহাস, সংস্কৃতি, আৰু সাম্প্ৰতিক পৰিস্থিতিৰ এক দলিলৰ ৰূপত প্ৰকাশ কৰা হৈছে গ্ৰন্থখন। ইউপিএছচি, এপিএছচিৰ ৰ দৰে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আৰু অন্যান্য ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্ৰন্থখন উপযোগী বুলি বিবেচিত হৈছে। গ্ৰন্থখনত কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, কেৰিয়াৰ, চলচ্চিত্ৰ, নাটক আৰু বিভিন্ন খণ্ডৰ শেহতীয়া তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।
শৰাইঘাট অসম ইয়াৰবুক-২০২৫ গ্ৰন্থখনে ৰাজ্যখনৰ বৈচিত্ৰময় পৰম্পৰা, শিল্পকলা, উৎসৱ, আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ কথা তথ্য সহকাৰে প্ৰকাশ কৰিছে। ইয়াত জনসংখ্যা, সাক্ষৰতাৰ হাৰ, দৰিদ্ৰতা নিৰাময়ৰ ব্যৱস্থা, আয়ৰ বিতৰণ আৰু মানৱ উন্নয়নৰ সূচকাংক আদি দিশসমূহ সামৰি লোৱা হৈছে। গ্ৰন্থখনত অসমৰ প্ৰগতি, ঐতিহ্য, সাম্প্ৰতিক পৰিস্থিতিৰ সাৰমৰ্ম সন্নিবিষ্ট কৰা হৈছে। গৱেষক, ছাত্ৰ-ছাত্ৰী, অসমৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিৰ বাবে গ্ৰন্থ খন উপযোগী হব বুলি গ্ৰন্থখনৰ সম্পাদক তথা প্ৰকাশকে জনাইছে। ইতিমধ্যে ডিব্ৰুগড়, ঢকুৱাখনা আদি গ্ৰন্থমেলাত গ্ৰন্থখনক অসমৰ বিদ্বৎ সমাজে আদৰি লোৱা পৰিলক্ষিত হৈছে।
Leave A Comment