• মাটি বেচি সুখত থকাৰ নীতি, কোন দিশে কংগ্ৰেছৰ গতি?

    আঞ্চলিক
    মাটি বেচি সুখত থকাৰ নীতি, কোন দিশে কংগ্ৰেছৰ গতি?
    ডিজিটেল ডেস্ক: বুদ্ধিভ্ৰষ্ট হোৱা লোকে সম্পদ ধ্বংস কৰি নিজৰ চখ পূৰণৰ চেষ্টা কৰে। ইয়াক বুজাবলৈ নামনি অসমত এক বহুল প্ৰচলিত বাক্য আছে। বাক্যটো হৈছে -‘ভিনিহীয়ে মাটি বেচিব পাৰে, কিন্তু বাই সুখত আছে...’। ইয়াৰ অৰ্থ হ’ল - ভিনিহী অকৰ্মণ্য,  এলেহুৱা আৰু কৰ্মবিমুখ। কিন্তু তেওঁ পৈত্ৰিক সা-সম্পত্তি অৰ্থাৎ মাটি-বাৰী আদি বিক্ৰী কৰি হ’লেও বাইদেউক খুৱাই-পিন্ধাই ৰাখিছে। আৰু অন্ধকাৰ ভৱিষ্যতৰ দিশে পৰিয়ালটো আগবাঢ়িছে। সম্প্ৰতি অসমত কংগ্ৰেছ দলে গ্ৰহণ কৰা এক সিদ্ধান্তৰ প্ৰসংগত এই বিষয়টো উল্লেখ কৰিব লগা হ’ল।

    অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ ওচৰত মন্তব্য দিয়া অনুসৰি দলটোৰ নিয়মীয়া কাম-কাজ চলাবলৈ অৰ্থৰ অভাৱ হৈছে। ইয়াৰ প্ৰমাণো ইতিমধ্যে প্ৰকট নোহোৱা নহয়। অলপতে অনুষ্ঠিত হৈ যোৱা গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিছিল। কেৱল অৰ্থৰ অভাৱত কংগ্ৰেছে গুৱাহাটীত এখনো জনসভা অনুষ্ঠিত কৰিব নোৱাৰিলে। দলীয় সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি দলীয় প্ৰাৰ্থীসকলকো প্ৰচাৰৰ বাবে ধন দিয়া নাছিল। ফলত সম্পূৰ্ণভাৱে নিস্প্ৰভ হৈছিল কংগ্ৰেছৰ ৫৬গৰাকী দলীয় প্ৰাৰ্থী। অথচ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ আছিল জাকজমকীয়া আৰু ব্যাপক। কংগ্ৰেছ দল পৰাজিত হোৱাৰ ইয়ো এক কাৰণ। 

    একেদৰে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ‘ৰাজীৱ ভৱন’ৰ নিয়মীয়া সু-পৰিচালনাৰ বাবেও প্ৰতিমাহে তিনি লক্ষাধিক ধনৰ প্ৰয়োজন হয়। এই তথ্যও খোদ প্ৰদেশ কংগ্ৰেছৰ। আৰু শেহতীয়াভাৱে বিত্তীয় নাটনিৰ যোৰা মাৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক পৰিকল্পনা লৈছে। সেই পৰিকল্পনা অনুসৰি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন আৰু দিছপুৰত অৱস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদত বাণিজ্যিক কমপ্লেক্স নিৰ্মাণ কৰা হ’ব। আৰু তাৰপৰা উপাৰ্জন হোৱা ধনেৰে দলৰ কাম-কাজ চলিব। অৰ্থাৎ কংগ্ৰেছেও আজি মাটি বেচি দল চলাবলগীয়া হৈছে নেকি?  ৭০ বছৰৰো অধিককাল দেশৰ শাসন চলোৱা বিশ্বৰ বৃহত্তম ৰাজনৈতিক দলটোৰ অৱস্থা আজি ইমান শোচনীয় কিয়?  কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী বিধায়ক হৈ শ শ কোটি টকাৰ সম্পত্তি গঢ়া নেতাসকল আজি নীৰৱ নিৰ্বিকাৰ কিয়?  অসমত এনে নেতাৰ সংখ্যা কম নহয়। হয়তো অদূৰ ভৱিষ্যতে কংগ্ৰেছৰ সু-দিন আহিলে সেইসকল নেতা পুনৰ অধিক সক্ৰিয় হ’ব। কিন্তু তেওঁলোকৰ বাবেই আজি কংগ্ৰেছে ‘মাটি বেচি দল চলোৱাৰ পৰিকল্পনা’ লৈছে। যদি কাৰ্যক্ষেত্ৰত এইটোৱে হয়,  তেন্তে কংগ্ৰেছ আজি কোন দিশে?