ডিজিটেল ডেস্কঃ মৰাণৰ সমীপৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ৰেলৱে কলনিত আজি উদ্ধাৰ হয় এটা অৰ্ধগলিত মৃতদেহ৷ মৃতদেহটো ৰে'লৱে' কলনি নিবাসী ৰাজু ধৰৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে৷
আজি স্থানীয় লোকে ৰাজু ধৰৰ ঘৰৰ ভিতৰত কুকুৰে কিবা ভক্ষণ কৰি থকা দেখা পাই সন্দেহবশতঃ চাওঁতে ৰাজু ধৰৰ অৰ্ধগলিত বিচ্ছিন্ন মৃতদেহটো দেখা পায়৷ ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে জানিব পাৰি চেপন আৰক্ষীক খবৰ দিয়ে৷
বহুবছৰ পূৰ্বেই নিজ পত্নীৰ সৈতে বিচ্ছেদ ঘটিছিল ৰাজু ধৰৰ৷ এটা উঁৱলি যোৱা বাসগৃহত অকলশৰে বসবাস কৰা ৰাজু ধৰ মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল বুলি জানিব পৰা গৈছে৷ কেইবাদিনৰ পূৰ্বেই মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ৷
বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷
Leave A Comment