• অসমৰ শিক্ষাখণ্ডৰ সমস্যাকলৈ সৰৱ এছএফআই ; কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সংবাদ মেল

    আঞ্চলিক
    অসমৰ শিক্ষাখণ্ডৰ সমস্যাকলৈ সৰৱ এছএফআই ; কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সংবাদ মেল
    ডিজিটেল ডেস্কঃ চৰকাৰৰ নতুন শিক্ষানীতিক লৈ আৰম্ভণীৰ পৰাই বিৰোধিতা কৰি আহিছে এছএফআইয়ে৷ শেহতীয়াকৈ অসমৰ শিক্ষকসকলক অনাশৈক্ষিক কাৰ্যত নিয়োজিত কৰি ৰখাকলৈ সৰৱ হৈ পৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন৷শিক্ষকসকলৰ প্ৰতিবাদৰ প্ৰতি সহাৰি জনাই আৰু অসমৰ শিক্ষাখণ্ডৰ বিভন্ন সমস্যাসমূহকলৈ এখন সংবাদ মেল সম্বোধন কৰিছে এছএফআই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিয়ে৷  
      
    ভাৰতৰ ছাত্ৰ ফেডাৰেচন(SFI)ৰ ৰাষ্ট্ৰীয় সম্পাদক মায়ুৰ বিশ্বাস আৰু সভাপতি ভিপি চনুৰ সংবাদ মেল সম্বোধন কৰি কয় যে ছাত্ৰ ছাত্ৰীক পাঠদানৰ বিপৰীতে শিক্ষকক বিভিন্ন অনাশৈক্ষিক কামত নিয়োজিত কৰি আহিছে চৰকাৰে৷ চৰকাৰ এনে ব্যৱস্থাৰ প্ৰতি বিৰক্ত হৈ শিক্ষকসকল ডিজিটেল প্ৰতিবাদত নামি পৰিছে। একেলগে চি.আৰ.চি গ্ৰুপৰ পৰা বাহিৰ হৈছে ২ লাখ শিক্ষক। 
     
    লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিক সমালোচনা কৰি কয় এয়া ৰাষ্ট্ৰীয় শিক্ষা নীতি নহয় ৰাষ্ট্ৰীয় বৰ্জন নীতি হে৷ প্ৰায় ৫০ লাখ ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰিছে৷ ১০ হাজাৰ স্কুল বন্ধ হ’ল, আৰু বিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। 

    আৰু কয় অসমত এনে কিছুমান বিদ্যালয় আছে য’ত শিক্ষকৰ অভাৱ তেনে সমসয়ত চৰকাৰে শিক্ষকক বিভিন্ন কামত নিয়োজিত কৰি ৰাখিছে। কেৰেলাত ১০ লাখ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে চৰকাৰী বিদ্যালয়ত যাৰ তুলনাত অসমৰ লগত কৰিব নোৱাৰি৷ লগতে বিগত ২০ বছৰ পাছত গুৱাহাটীত এছ এফ আইৰ চি ই চি মিটিং অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে সংবাদমেলত।