• মুখ্যমন্ত্ৰীৰ পৰা উপন্যাসৰ পাণ্ডুলিপি ওভোতাই বিচাৰিছে শিৱসাগৰৰ এইগৰাকী আইতাই

    আঞ্চলিক
    মুখ্যমন্ত্ৰীৰ পৰা উপন্যাসৰ পাণ্ডুলিপি ওভোতাই বিচাৰিছে শিৱসাগৰৰ এইগৰাকী আইতাই

    ডিজিটেল ডেস্ক: এগৰাকী আইতাৰ কাতৰ আহ্বানে চকু সেমেকাই তুলিছে শিৱসাগৰবাসীৰ৷ সাহিত্যক হিয়া উজাৰি ভালপোৱা আইতাগৰাকীয়ে লিখা এখন উপন্যাসৰ প্ৰসংগই এতিয়া সৰব চৰ্চা লাভ কৰিছে শিৱসাগৰত৷ মনত অদম্য হেঁপাহ আৰু আগ্ৰহেৰে দুবছৰজোৰা শ্ৰম আৰু সাধনাৰে তেওঁ লিখি উলিয়াইছিল এখন উপন্যাস৷ নাম: মৰুভূমিত এপাহি পদুম





    ৮৫ বছৰীয়া আইতাগৰাকীয়ে নিজৰ উপন্যাসখনক ছপাৰূপত চাবলৈ উন্মুখ হৈ পৰিছে৷ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰত লগ পাই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ° হিমন্ত বিশ্ব শৰ্মাৰ হাতত তুলি দিছিল উপন্যাসখনৰ পাণ্ডুলিপি৷ সময় বাগৰিল৷ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে৷ মুখ্যমন্ত্ৰী হোৱাৰ পাছত দুবাৰকৈ সাক্ষাৎ বিচাৰিও ব্যৰ্থ হৈছিল অশীতিপৰ আইতাগৰাকী৷

    সেয়ে এতিয়া উপন্যাসখন ওভোতাই বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে শিৱসাগৰৰ শিমলুগুৰিৰ আইতাগৰাকী৷ মুখ্যমন্ত্ৰীলৈ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বান শিৱসাগৰৰ মুহিত্ৰী সন্দিকৈ নামৰ এইগৰাকী মহিলাৰ৷



    নিজৰ জীৱন যুঁজৰ আধাৰত লিখি উলিওৱা আত্মজৈৱনিক উপন্যাসমৰুভূমিত এপাহি পদুমপ্ৰকাশ কৰি দিবলৈ অনুৰোধ জনাইছিল আইতাগৰাকীয়ে৷ মুখ্যমন্ত্ৰীয়েও ছপোৱাৰ আশ্বাস দি আইতাৰ হাতৰ পৰা লৈ গৈছিল পাণ্ডুলিপিটো৷ কিন্তু, পাণ্ডুলিপিটো উপন্যাস আকাৰে চোৱাৰ হেঁপাহ পূৰ নহ আইতাৰ৷





    মুখ্যমন্ত্ৰীৰ পৰা কোনো সঁহাৰি নাপাই উপায়ন্তৰ হৈ আইতাগৰাকীয়ে এইবাৰ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় পালেহি৷ উদ্দেশ্য এটাই, যেনে তেনে উপায়ুক্তই মুখ্যমন্ত্ৰীক লগ কৰাই দিব লাগে আইতাক৷





    আইতাৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ, তেঁওৰ উপন্যাসখন ছপা কৰি দিয়ক , নহলে পাণ্ডুলিপিটো ঘূৰাই দিয়ক৷ পিছে, আইতাৰ এই অনুৰোধ মুখ্যমন্ত্ৰীগৰাকীয়ে শুনিব নে? আইতাৰ জীৱন সংগ্ৰামৰ আধাৰত লিখা উপন্যাসখন ছপা ৰূপত প্ৰকাশ পাবনে, এই প্ৰশ্নই এতিয়া চৰ্চা লাভ কৰিছে শিৱসাগৰত৷