• আবোল-তাবোল বকি নাথাকিবলৈ শৃংখল চলিহাক সকীয়ালে নামনিৰ দল-সংগঠনে

    আঞ্চলিক
    আবোল-তাবোল বকি নাথাকিবলৈ শৃংখল চলিহাক সকীয়ালে নামনিৰ দল-সংগঠনে
    ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত শৃংখল চলিহাই নামনি অসমৰ বিশেষ কৈ ধুবুৰী জিলাৰ লোকক লৈ বিৰুপ মন্তব্য তথা বিতর্কিত মত প্ৰকাশ কৰাৰ পাছতে ক্ষোভৰ জুই জ্বলিছে নামনি অসমত। হকে বিহকে একো তথ্য নজনাকৈ সামাজিক মাধ্যমত মন্তব্য নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ইতিসাহ অধ্যয়ন কৰিবলৈ কয় উজনিৰ নেতাজনক। শৃংখল চলিহা কেমেৰাৰ আগতহে হিৰ' বুলি তীব্র ক্ষোভ প্রকাশ কৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী সক্রিয় সমাজ সচেতক যুৱতী মমী ৰায় চৌধুৰীয়ে।

    তেওঁ কয়, 'শৃংখল চলিহা ধুবুৰীলৈ আহক আৰু জানি লওক কমতাপুৰ আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস।' এটা জাতি জনগোষ্ঠীৰ বিষয়ে কোনো তথ্য প্রমাণ নথকাকৈ বা ইতিহাস নজনাকৈ আবোল-তাবোল বকি নাথাকিবলৈ কয় ৰাইজৰ দলৰ নেত্রী মমী ৰায় চৌধুৰীয়ে। ইপিনে শৃংখল চলিহালৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ বঙাইগাঁৱৰ নেতা নন্দন দেৱ নাথেও তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়- শৃংখল চলিহাই জননেতা শৰৎ চন্দ্র সিংহ আৰু লোকগীতৰ সম্ৰাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ বিষয়ে জানেনে, নাজানে। ইতিসাহ অধ্যয়ন কৰিহে মতামত দিব। নামনিলৈ আহক, কোচ ৰাজ্যৰ ইতিহাস জানক। ইয়াৰ জাতি জনগোষ্ঠীৰ কথা জানক। কোন খিলঞ্জীয়া, কোন ভূমিপুত্র। সমগ্ৰ ধুবুৰী জিলাত কোচ-ৰাজবংশী, নাথ-যোগী, কলিতা, ৰাভা, বড়ো, নেপালী আৰু গৰীয়া সকলো জাতি জনগোষ্ঠীৰ লোক আছে। ইতিহাস সাক্ষী আছে। কিছুলোকক টার্গেট কৰি খিলঞ্জীয়া লোকক হেয় প্রতিপন্ন কৰিবলৈ কোনে অধিকাৰ দিলে।

    অকল যোৰহাট, শিৱসাগৰখনকে অসম বুলি ভাবিলে নহ'ব। অসম আৰু অসমীয়াৰ কথা জানিবলৈ বহু জ্ঞানৰ অভাৱ বুলি কয় আৰু আন্দোলন মাত্র নিজ জিলাখনতে কৰি হিৰ' বুলি নাভাবিব। একেদৰে আক্ৰাছুৰ নেতাসকলেও শৃংখলক তীব্র ভাষাৰে সকীয়াই দিয়ে আৰু যি টি কথা নক'বলৈ কয়। ইপিনে শৃংখল চলিহাই ধুবুৰী জিলাত বসবাস কৰি থকা মানুহক খিলঞ্জীয়া নহয় বুলি কোৱাৰ উপৰি জনজাতিকৰণ লৈ যি তুচ্ছ-তাচ্ছিল্য মন্তব্য আগবঢ়াইছে তাক লৈ বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ ফালৰ পৰা ধিক্কাৰ আৰু গৰিহণা দিয়ে। এনে মন্তব্যৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কয় নেতা বিকাশ ৰায়ে। নহ'লে বীৰ চিলাৰায় সেনা স্বতন্ত্রই হাত সাবটি বহি নাথাকে বুলি প্রকাশ কৰে। ধুবুৰীৰ লগতে বঙাইগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ নেতা, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ, নাথ-যোগীৰ নেতাসকলেও শৃংখলৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি ভৱিষ্যতে এনে' মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে অন্যথা বিষম পৰিস্থিতৰ সন্মুখীন হ'ব লাগিব বুলিও কয়। ঠায়ে ঠায়ে শৃংখল চলিহাৰ বিৰুদ্ধে থানাত এজাহাৰ দিয়া বুলিও জানিব পৰা গৈছে।

    উৎসঃ দৈনিক জনমভূমি