ডিজিটেল ডেস্কঃ শিৱসাগৰত জঘন্য কাণ্ড সংঘটিত হৈছে। কিশোৰীগৰাকীক অপহৰণ কৰি নি ধৰ্ষণ তিনি লম্পটৰ। শুকুৰবাৰে বিয়লি সংঘটিত হৈছে এই জঘন্য কাণ্ড।
শুকুৰবাৰে আবেলি প্ৰায় ৪ বাজি ৩০ মিনিটত ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত চিকাৰীভেটী অঞ্চলত সংঘটিত হৈছে এই জঘন্য ঘটনা।
পথৰে খোজকাঢ়ি গৈ থকা অৱস্থাত এখন গাড়ীত অহা তিনি পাষণ্ডই মুখত সোপা দি অপহৰণ কৰি নিয়াৰ অভিযোগ কিশোৰীগৰাকীৰ।
নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক অপহৰণ কৰি নিয়াৰ পাছত উপৰ্যুপৰি ধৰ্ষণ কৰা তিনি লম্পটৰ দুটাক চিনাক্ত ধৰ্ষিতাৰ
দুই লম্পটৰ নাম সুনীল আৰু ভাইটি। মুখত মাস্ক থকাৰ বাবে তৃতীয়টো চিনাক্ত কৰিবলৈ সক্ষম নহ'ল কিশোৰী গৰাকী।
সুনীল নামৰ পাষণ্ডটোৰ বাসগৃহলৈ নি উচ্চস্বৰত ডি জে বজাই কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ ভুক্তভোগী কিশোৰীগৰাকীৰ।
মদৰ ৰাগীত মাতাল হৈ থকা লম্পটকেইটাৰ কবলৰ পৰা কোনোমতে পলাই অহি সমগ্ৰ ঘটনাৰ কথা মাতৃক অৱগত কৰাৰ পিছতেই সন্মুখলৈ আহে সমগ্ৰ ঘটনা।
ইতিমধ্যে পৰিয়ালৰ লোকে ডিমৌ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
২৩ নৱেম্বৰত এজাহাৰ দাখিলৰ পাছতো ডিমৌ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আছে কিশোৰী গৰাকী ।
ন্যায় লাভ নকৰিলে আত্মহত্যাৰ পথ বাচি ল'বলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য দুৰ্ভগীয়া কিশোৰীগৰাকীৰ ।
আৰক্ষীয়ে বৰ্তমানলৈকে কোনো অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে শিৱসাগৰত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী।
Leave A Comment