ডিজিটেল ডেস্কঃ জেচিবিৰ খুন্দাত মৃত্যু হ’ল এটা নাগৰ৷ নাগৰ মৃত্যুত দুখত কাতৰ হৈ ঘণ্টা ঘণ্টা ধৰি নাগৰ মৃতদেহৰ কাষত ৰৈ থাকিল নাগিন। সেই স্থানত বহু মানুহ জমা হোৱাৰ পাছতো নাগিনে নাখালে ভয়। অলপো লৰচৰ নকৰাকৈ ৰৈ থাকিল একে ঠাইতে। এই দৃশ্য দেখি সকলো লোক হতভম্ব হৈ পৰিছে।
মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত সংঘটিত হৈছে এই আচৰিত ঘটনা। জেচিবিৰে পথাৰ চাফা কৰি থাকোঁতে এটা সাপ মৃত্যুমুখত পৰে আৰু সংগী সাপটো ৰৈ থাকিল সাপটোৰ মৃতদেহৰ কাষত। নাগৰ মৃতদেহৰ কাষত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিল নাগিন। এই কথা চাবলৈ সেই স্থানত বিপুল জনসমাগম হয়।
এজন কৃষকে জেচিবি মেচিনৰ সহায়ত নিজৰ মাটি চাফা কৰি আছিল। দুৰ্ভাগ্যবশতঃ সাপটোৰ জেচিবিৰ খুন্দাত মৃত্যু হয়। অৱশ্যে এই কথা দেখি জেচিবিৰ চালকজনে কাম বন্ধ কৰি মৰা সাপটো তুলি লৈ পেলাই দিবলৈ নামি গ’ল। কিন্তু ড্ৰাইভাৰজন মৃত সাপটোৰ ওচৰ পোৱাৰ লগে লগে নাগিনে ফণা মেলি মৃত সাপটোৰ কাষত ৰৈ দিয়ে। এই কথা দেখি আতংকিত হৈ পৰিল জেচিবিৰ অপাৰেটৰ। খবৰটো বিয়পি পৰাত গাঁৱৰ মানুহবোৰ সাপৰ যুটিটো চাবলৈ দৌৰি আহিল।
ইয়াৰ পিছত মাটিৰ মালিকে ওচৰৰ চহৰ নৰৱাৰৰ পৰা এগৰাকী সৰ্পবন্ধু ছলমান পাথানক মাতি আনে। সেই স্থানত উপস্থিত হৈ ছলমান পাথানে কোনোমতে নাগিনক তাৰ পৰা আঁতৰাই হাবিলৈ লৈ গৈ নিৰাপদে থৈ আহে।
পাঠানে কয় যে এই দম্পতী একেলগে থকাৰ প্ৰায় ১৬-১৭ বছৰ হ’ল। শীতকালত সাপবোৰ বেছিভাগেই মাটিৰ তলত থাকে। এই মুহূৰ্ততে যেতিয়া মেচিনটো চলিবলৈ ধৰিলে, তেতিয়াই সাপটো আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাবটিলে। সংগীৰ মৃত্যু হলে মানুহে যি আঘাত পায় সেই আঘাত অন্য প্ৰাণীয়েও পায়...এই ঘটনাই যেন তাকে প্ৰমাণ কৰি গ’ল।
Leave A Comment