ডিজিটেল ডেস্কঃ ৰঙাপৰাত ঘইৰালী চাহবাগিচাত সমূহীয়া বিয়াত একেলগে বহিল ৬১ যোৰা দৰা-কইনা। আয়তিৰ উৰুলি, বিয়া নাম আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰে মুখৰিত হৈ পৰে ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচা। ঘইৰালিৰ কালি মন্দিৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞৰ ধৰ্মীয় অনুষ্ঠানটিৰ অন্তিম দিনা সমূহীয়া বিবাহ কাৰ্য সম্পন্ন হয়।
সমূহীয়া বিয়াত একেলগে ৬১ যোৰা দৰা-কইনাই জীৱনে-মৰণে একেলগ হৈ থকাৰ শপত লয়। বিয়া চাবলৈ স্থানীয় ৰাইজ মণ্ডপত উপস্থিত হয়। বিভিন্ন কাৰণত বিবাহ নোহোৱা দৰা-কইনাসকলক হোম জুইক সাক্ষী কৰি বিবাহ কাৰ্য সম্পাদন কৰে পুৰোহিতে।
ঘইৰালি চাহ বাগিচাৰ দৰা-কইনাসকলক আশীৰ্বাদ দিবলৈ ধৰ্মীয় অনুষ্ঠানভাগত উপস্থিত হয় অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাস।
উল্লেখ্য যে শ্ৰীহৰি সৎসঙ্গ সমিতি পুৰ্বোত্তৰ আৰু ঘইৰালি চাহ বাগিচাৰ সমুহ সনাতন ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞ।
Leave A Comment