ডিজিটেল ডেস্কঃ মাতৃৰ বিৰুদ্ধে অভিযোগ তুলি এজন যুৱকৰ আত্মহত্যা। উত্তৰ প্ৰদেশৰ জৌনপুৰত মনোজ ছোনী নামৰ এজন যুৱকে আত্মহত্যা কৰাক লৈ তীব্ৰ চাঞ্চল্য। ছুইচাইড নোটত তেওঁ মাতৃ আৰু ভাতৃক জগৰীয়া কৰিছে। মৃত্যুৰ পূৰ্বে মনোজে এটা ভিডিঅ’ও ৰেকৰ্ডিং কৰিছিল, য’ত তেওঁ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ অত্যাচাৰত বিৰক্ত হৈ মৃত্যুক আঁকোৱালি লোৱাৰ কথা কৈছিল। এই ভিডিঅ'টোৱে মানুহক স্তম্ভিত কৰি তুলিছে।
দুদিন পূৰ্বে সংঘটিত এই আত্মহত্যাৰ ঘটনাত আৰক্ষীয়ে প্ৰথমে আত্মহত্যাৰ গোচৰ ৰুজু কৰিছিল। কিন্তু পৰিৱর্তিত পৰিস্থিতিত জৌনপুৰৰ জাফৰাবাদ আৰক্ষীয়ে ভাইৰেল ভিডিঅ’ আৰু মৃত মনোজৰ পত্নীৰ অভিযোগৰ ভিত্তিত মনোজৰ মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷
ছয় ভাই-ভনীৰ ভিতৰত পঞ্চম মনোজে আত্মহত্যাৰ বাবে মাতৃ উষা দেৱীক দোষাৰোপ কৰিছে। পত্নী মান্যতাৰ এজাহাৰত আৰক্ষীয়ে মনোজ ছোনীৰ মাতৃ, ভাতৃ সন্তোষ কুমাৰ আৰু তেওঁলোকৰ দুটা সন্তানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
শেষৰটো ভিডিঅ’ত মনোজে কৈছে- ‘মায়ে এজন পুত্ৰৰ অধিকাৰ কাঢ়ি লৈ আনজন পুত্ৰক দিব বিচাৰে। লোৱা মা, মোৰ ধন-সম্পত্তিৰ লগতে মোৰ প্ৰাণো তোমাক দিলোঁ। এই ভিডিঅ'টোত মনোজে পত্নী আৰু ভগ্নীসকলক সম্বোধন কৰি আৰু কয় যে এতিয়া মই গুচি যাম, মোক ক্ষমা কৰা, নিজৰ লগতে সন্তানৰ যত্ন ল’বা। মান্যতা, মই তোমাক আৰু আমাৰ সন্তানক বহুত মিছ কৰিম। বাধ্যত পৰি মই মোৰ জীৱনটো ত্যাগ কৰিলোঁ।
ভিডিঅ’টোত মৃত মনোজে কয় যে আত্মহত্যাৰ আঁৰৰ কাৰণ হ’ল তেওঁৰ মাতৃয়ে ৮ বছৰ ধৰি পত্নীক অত্যাচাৰ কৰি সম্পত্তিৰ বিবাদত আবদ্ধ কৰি ৰাখিছিল।
জৌনপুৰৰ সহকাৰী আৰক্ষী অধীক্ষক আয়ুষ শ্ৰীবাস্তৱে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। ঘটনাৰ আঁৰৰ পাৰিবাৰিক বিবাদক গভীৰভাৱে বুজিবলৈ চেষ্টা কৰা হৈছে। যি তথ্য পোহৰলৈ আহিব তাৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Leave A Comment