• মাতৃক অকথ্য নিৰ্যাতন পুত্ৰৰ! চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই হত্যা কৰাৰো ভাবুকি প্ৰদান

    আঞ্চলিক
    মাতৃক অকথ্য নিৰ্যাতন পুত্ৰৰ! চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই হত্যা কৰাৰো ভাবুকি প্ৰদান
    ডিজিটেল ডেস্কঃ মোৰ মৰিবও হোৱা নাই...মই নিজেও মৰিব নোৱাৰা...মইতো জীয়াই থাকিব লাগিব...সেই কাৰণে নালাগে মোক তেনে পুত্ৰ...মই ত্যাজ্য পুত্ৰ কৰিম...

    হাজো থানাৰ চৌহদত এগৰাকী মাতৃৰ হিয়াভঙা কান্দোনে পৰিবেশ গোমা কৰি তুলিছে। নিজ গৰ্ভত জন্ম দিয়া এগৰাকীৰ পুত্ৰৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ এগৰাকী মাতৃয়ে থানালৈ গোচৰ দিবলৈ পলাই আহিব লগা অৱস্থা হৈছে।

    উল্লেখযোগ্য হাজোৰ কুলহাটী গাঁৱৰ সাবিত্ৰী দাস নামৰ মহিলাগৰাকীক নিজ পুত্ৰ প্ৰণৱ দাসে অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

    নিজ জন্মদাত্ৰী মাতৃক প্ৰতিদিনে শাৰীৰিক,মানসিক অত্যাচাৰ চলাই এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

    ইমানতে শান্ত নাথাকি পুত্ৰ প্ৰণৱে চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰো ভয়ংকৰ অভিযোগ তুলিছে মাতৃয়ে।

    পুত্ৰৰ আর্জনেৰে জীৱনৰ বিয়লি বেলাত জীৱন কটাম বুলি ভবা মাতৃ সাৱিত্ৰী দাসে এতিয়া পুত্ৰৰ অত্যাচাৰত দেখিছে ত্ৰাহি মধুসূদন।

    আনৰ ঘৰত কাম-কাজ কৰি জীৱন নিৰ্বাহৰ বাট মোকলাই লোৱা সাৱিত্ৰী দাসে এতিয়া নিজ পুত্ৰৰ ভয়ত এৰিব লগা হৈছে নিজৰ ঘৰ।।

    সেয়েহে পুত্ৰৰ নিৰ্যাতনৰ সন্মুখীন হৈ সাৱিত্ৰী দাসে উপায়ন্তৰ হৈ এজাহাৰ দাখিল কৰিছে হাজো আৰক্ষী থানাত।

    আইৰ সমান হ'ব কোন...নৈৰ সমান ব'ব কোন...এই বাক্যষাৰী যেন কুলংগাৰ পুত্ৰ প্ৰণৱ দাসে ভৰিৰে মোহাৰি সকলোকে লজ্জানত কৰি তুলিছে।

    এইক্ষেত্ৰত হাজো আৰক্ষীয়ে কি ভূমিকা ল'ব সেয়া হ'ব খুবেই লক্ষ্যণীয়।