জীৱন এক অৰ্থহীনতা
আচলতে আমি নিজৰ ইচ্ছাত জন্ম নলওঁ...
কবি নীলিম কুমাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
সাক্ষাৎগ্ৰহণ: মাধুৰ্য্য ফুকন
প্ৰথমে আপোনাক স্বাগতম জনাইছো প্ৰাগ ডিজিটেলৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ...
আজি আমি অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, ঔপন্যাসিক যাৰ সৃষ্টিৰ জনপ্ৰিয়তা অসমীয়া সাহিত্যতে সীমাবদ্ধ হৈ থকা নাই, ফৰাচী, ইংৰাজীকে ধৰি বহু কেইটা ভাৰতীয় ভাষালৈও অনুদিত হৈছে, সমাদৰ লাভ কৰিছে তেনে এগৰাকী জনপ্ৰিয় কবি শ্ৰদ্ধাৰ নীলিম কুমাৰৰ কাষত উপস্থিত হৈছোহি। তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কবিতা, সমাজ, জীৱন, অতীত আৰু বৰ্তমানৰ বিভিন্ন কথা...পলম নকৰি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো।
প্ৰ: প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম কবিতাৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ বাঢ়িছিল? আৰম্ভণিৰ সময়ছোৱাৰ বিষয়ে অলপমান ক’ব নেকি?
উ: কবিতাৰ প্ৰতি আগ্ৰহী নিজৰ অজ্ঞাতে হোৱাৰ নিচিনা। যেতিয়া মোৰ দেউতাই লিখি আছিলে, মোৰ হাতৰ আখৰ ভাল আছিলে বাবে দেউতাই তেওঁৰ কবিতা মোক কপি কৰিব দিছিলে, তেতিয়া মই অষ্টম নৱম মানত আছিলোঁ। কপি কৰোতে পঢ়ি যোৱা হয়, এনেদৰে পঢ়োতে পঢ়োতে পিছত মইও লিখিবলৈ ললোঁ। লিখা পাছত দেউতাই দেখিলে যে যদি ই কবি হৈ যায় তেন্তে বেয়া হ'ব। অলপ বেয়াও পাইছিলে কিন্তু মই লিখিবলৈ এৰা নাছিলোঁ। লিখা বোৰ মই আলোচনীলৈ পঠিয়াই দিওঁ প্ৰকাশো হয়। সেই আলোচনীবিলাক মানুহে পঠায় দিয়ে ঘৰলৈ। ডাকঘৰটো আমাৰ ওচৰতে আছিল বাবে ঘৰত সোনকালেই পায় আৰু দেউতাই কবিতা লিখা আৰম্ভ কৰিছো বুলি গম পাই মোক গালিও পাৰিছে। সেই কাৰণেই মই নাম সলাই নীলিম কুমাৰ নাম ল’লো। দশম শ্ৰেণী মানতে মই নাম সলনি কৰিছিলোঁ, তাৰ পিছত নীলিম কুমাৰ হৈয়ে গ’ল আৰু। অফিচৰ মানুহ বিলাকৰ বাদে মোৰ আচল নামটো মানুহে নাজানেই।
প্ৰ: সাম্প্ৰতিক অসমীয়া কবিতাৰ যিটো ধাৰা এই সন্দৰ্ভত আপুনি কি ভাবে? আৰু আপুনি কোনটো ধাৰাক প্ৰতিনিধিত্ব কৰে বুলি ভাবে?
উ: এতিয়া কবিতাৰ ধাৰা! সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰা বুলি ধাৰা এটা নায়েই আচলতে। যিটো ধাৰা আচলতে বৈ আছে আমি সচৰাচৰ যিটো দেখা পাওঁ, এটা ধাৰাই কবিতাৰ বিমুখে গতি কৰিছে আচলতে, একধৰণৰ অকবিতাক প্ৰতিনিধিত্ব কৰিছে। যিবোৰ কবিতাৰ অজস্ৰ সন্মিলন দেখা পাওঁ কবিতাৰ অজস্ৰ কিতাপ দেখা পাওঁ, যি বোৰ প্ৰতিদিনে প্ৰায় উন্মোচন হৈ থাকে সেইবিলাক চালে দেখা পাবা কবিতাৰ বিপৰীতে গৈ থকা এটা ধাৰা৷ আচলতে কবিতাৰ যিটো ঐতিহ্য আছিলে তাহানিৰ পৰা যিটো ধাৰাত চলি আছিলে আহি আহি আধুনিক পৰ্যায় পাইছে। যিবোৰ আমি লিখি আছিলোঁ, আমাৰ পিছৰ কেইজনমান লিখক বিজয় শংকৰ বৰ্মন, শংকৰ দত্তকে আদি কৰি যিটো ধাৰাত চলি আছিলে সেইটো এটা ঠিক ধাৰা চলি আছে। সেই ধাৰাটোৰ মাজতো কিন্তু সমাজ বাস্তৱতাকলৈ কবিতা কম আছে। এই ধাৰা কেইজনমানে চলাই আছে। এই কবিতাৰ ঠিক বিপৰীতে এটা ধাৰা চলি আছে যিবোৰ কবিতা বিমুখী, ভাষাৰ পৰা আঁতৰত, অধ্যয়নহীন, জীৱনৰ লগত সম্পৰ্কহীন এটা ধাৰা চলি আছে। এইটো সাম্প্ৰতিক এটা সমস্যা বুলিয়ে ক’ব পাৰি।
প্ৰতিবাদী ধাৰা এটা এসময়ত আছিলে ভৱানন্দ দত্তই যিটো বস্তু কঢ়িয়াই আনিছে তাৰপিছত অৱনী চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ সৰকাৰে যিটো ধাৰা কঢ়িয়াই আনিছে সেই ধাৰাটো হেৰাই গ’ল। প্ৰায় নোহোৱা হৈ গ’ল বুলি ক’ব পাৰি। সেই প্ৰতিবাদী ধাৰা হেৰাই যোৱা পাছত কেইজনমানে ছেগা-চোৰোকাকৈ লিখি আছে তাৰ মাজতে ময়ো লিখি আছো। মই অকল সেইটো ধাৰাৰে নহয়, মই এজন স্বাধীনচিতিয়া কবি। মই একে সময়তে সাংঘাতিক প্ৰেমৰ কবিতাও লিখিছোঁ সাংঘাতিক বিদ্ৰোহৰ কবিতা লিখিছোঁ। মই কবিতা ক্ষেত্ৰত স্বাধীনভাৱে চিন্তা-চৰ্চা কৰি আহিছোঁ।
প্ৰ: অসমীয়া কবিতাত ছন্দৰ ব্যৱহাৰ একেবাৰে বিলুপ্ত হৈ গৈছে। কিন্তু বাঙালা কবিতা আৰু হিন্দী কবিতাত অজিও বিদ্যমান। অসমীয়া কবিতাত ছন্দৰ ব্যৱহাৰ কিয় ধৰি ৰাখিব পৰা নগ'ল বুলি ভাবে আপুনি?
উ: কবিতাত ছন্দ ৰক্ষা কৰাটো একধৰণৰ প্ৰতিভা আচলতে এইটোৰ কাৰণে একধৰণৰ প্ৰতিভা তথা বিশেষ ধৰণৰ চিন্তা লাগিব। এতিয়া বাঙালী কবিতাত একদম চূড়ান্ত আধুনিক কবিতা বিলাকতো সেই ছন্দটো আছে। হিন্দী কবিতাটো দেখিছো খুব সাংঘাতিক, যিবিলাক ভাৱনাৰ সকলো দিশৰ পৰা আধুনিক তাতো ছন্দ আছে কিন্তু তাৰ মাজতো তাতো কিছুমান কবিতা ছন্দহীন। তেনেকুৱা বহুতো কবিতা আছে কিন্তু আমাৰ কবিতা একেবাৰে ছন্দহীন এইটো এটা সুযোগে গ্ৰহণ কৰিছোঁ বুলি ক'ব পাৰি। অন্ত্যমিলো যে কৰিছে তেনেকুৱাও নহয়, সেই বস্তুটো আমাৰ নাইয়ে ক'ৰবাত ক'ৰবাতহে আছে।
প্ৰ: অসমৰ বহু কবি আছে কিন্তু তাৰ মাজত কেইজনমান কবিহে পৰিচিত তাৰ মাজৰে এজন নীলিম কুমাৰ। আপোনাৰ কবিতাৰ জনপ্ৰিয়তাৰ ৰহস্য কি বুলি ভাবে?
উ: জনপ্ৰিয়তাৰ ৰহস্যটো নাজানো! কিন্তু মই স্বাধীন কবি মই স্বীকাৰোক্তিমূলক কবিতা লিখোঁ। মোৰ কবিতাবোৰত প্ৰায় ‘মই’ শব্দ ব্যৱহাৰ কৰিছোঁ, মই নিজে এটা কেৰেক্টাৰ তাৰ মাজেৰে মই স্বীকাৰোক্তিমূলক কথাবোৰ লিখিছোঁ। প্ৰত্যেকৰে মাজত সেই একধৰণৰ স্বীকাৰোক্তিটো থাকে কিন্তু প্ৰকাশ নকৰে হয়তো। সেইকাৰণে তেওঁলোকে যিটো ক’ব পৰা নাই সেইটো মই কৈ দিছোঁ। স্বীকাৰোক্তি সকলোৱেই কৰিব নোৱাৰে কিন্তু বিচাৰে। মই কৈ দিছোঁ যে সেইটো কাৰণে হয়টো মোৰ কবিতা পঢ়িব বিচাৰে তেনেকুৱা প্ৰেমৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক বিত্তৰ ক্ষেত্ৰতে যিটো কথা ক’ব খোজে ক’ব পৰা নাছিলে বা ক’ব নোৱাৰিলে, মই কৈ দিছোঁ সেয়ে হয়তো মানুহে মোৰ কবিতা ভাল পায়।
প্ৰ: হুইটমেনৰ ‘Children of Adam’, শ্যেক্সপিয়েৰৰ ‘Venus & Adonis’ পাশ্চাত্য সাহিত্যত Eroticism অৰ্থাৎ কামকলাবাদৰ উল্লেখযোগ্য নিদৰ্শণ। অসমীয়া সাহিত্যত এনে পৰ্যায়ৰ সৃষ্টি হৈছে নে? অসমীয়া সাহিত্যই এই দিশটো আদৰি লৈছে নে?
উ: অসমীয়া সাহিত্যত এই বিষয়বিলাক ৰক্ষণশীলতাৰ চিন্তা ভাৱনাৰ বাবে ইমান এনেকৈ আদৰিব পৰা নাই এতিয়াও গতিকে কিন্তু শংকৰদেৱৰ কীৰ্ত্তন ঘোষাৰ হৰমোহন অধ্যায়তো Eroticismৰ উল্লেখযোগ্য নিদৰ্শন। তাৰপিছতো আমি কিন্তু ভিতৰে ভিতৰে ৰক্ষণশীল, তেওঁ শংকৰদেৱৰ হোৱাৰ কাৰণে আমি গ্ৰহণ কৰিছোঁ আনে লিখিলে আমি গ্ৰহণ নকৰোঁ তেনেধৰণৰ হয়। মোৰ নিজৰ কবিতাৰ ক্ষেত্ৰতো বহুত পাইছোঁ অকণমান কিবা শব্দ লিখিলেই মানুহে আপত্তি কৰে। অসমীয়া বহুত পণ্ডিত মানুহ আছে সমালোচক আছে তেওঁলোকে পঢ়ে কিন্তু তেওঁলোক নিমাতে থাকে। মই যেতিয়া লিখোঁ তেতিয়া মোৰ বিৰুদ্ধে সমালোচনা হয় কিন্তু তেওঁলোকে নিমাতে থাকে। তেওঁলোকে কৈ নিদিয়ে এইবিলাক সাহিত্যত গ্ৰহণযোগ্য। এইবোৰৰ বিষয়ে কেতিয়াবাই সাহিত্য লিখা হৈছে, গতিকে সেইবোৰ গ্ৰহণ কৰিব লাগে। এনেদৰে সহজভাৱে কৈ দিয়া হ'লে হয়তো তেতিয়া পাঠকে লাহে লাহে গ্ৰহণ কৰিলেহেতেন। এতিয়াও আমাৰ পাঠক মানসিকভাৱে প্ৰস্তুত হ'ব পৰা নাই। এতিয়াও ৰক্ষণশীল হৈয়ে আছে।
প্ৰ: কিয় বিদ্ৰোহৰ কবিতা, স্বাভিমানৰ কবিতা হেৰাই গৈছে? আজিৰ কবিসকলে ক’ত আঁত হেৰুৱাইছে এই ক্ষেত্ৰত…?
উ: আঁত হেৰুৱাইছে! এই কাৰণে আঁত হেৰুৱাইছে, তেওঁলোকৰ সামাজিক দায়বদ্ধতাটো নাই, ৰাজনৈতিকভাৱেও নাই সামাজিকভাৱেও নাই, ব্যক্তি কেন্দ্ৰীক হৈ পৰিছে।এইটো সমাজ ব্যৱস্থাইও হয়তো কৰিছে।সমাজব্যস্থাইও এজন মানুহক ব্যক্তিকেন্দ্ৰীক কৰি পেলাব পাৰে তথাপি একধৰণৰ সামাজিক চিন্তা থাকিব লাগে। সমাজখৰ প্ৰত্যেকজন ব্যক্তিয়ে সমাজখন গঢ়ি তুলে, আমাৰ ভোট দিয়া অধিকাৰ আছে,তাত নিশ্চয় সমাজ চিন্তা নিহিত থাকে। গতিকে ভোট দিয়াৰ সময়তো সমাজ চিন্তাটো থাকিব লাগিব।গতিকে আমাৰ ব্যক্তিগত জীৱনতো সামাজিক কিছুমান কথাত জড়িত হ'ব লাগিব। এতিয়া গছকটাক লৈ যিবোৰ চিন্তা যদি আমি উদাসীন হৈ দিওঁ গছ কাটি শেষ কৰি পেলাব। আমি গছ কাটিব নালাগে বুলি আমি থিয় দিব লাগিব। সেই দায়বদ্ধতা থাকিব লাগিব। সাধাৰণ মানুহে লেখক-সাহিত্যিকৰ মুখলৈ চাই তেওঁলোকে কি পথ দেখুৱায় সেয়া লক্ষ্য কৰে। আগৰ দিনতটো তেনেকোৱাই হৈছিলে। জ্যোতি-বিষ্ণুৰ কথা মানি চলিছিল বা মানুহে কথা মানিব খুজিছিলে। তেওঁলোকে সাধাৰণ মানুহক পথ দেখুৱাইছিলে। এতিয়া যদি আমাৰ পৰা একো উত্তৰ নাপায় নিজেই যদি দ্বিধাগ্ৰস্ত, নিজেই যদি নাজানো আমি কোন পথত যাওঁ তেতিয়া সমাজখনৰ কি হ'ব। আমাৰ সৎ সাহসো থাকিব লাগিব, নিজা এটা চিন্তাও থাকিব লাগিব। তেতিয়াহে তেওঁলোকক সুস্থ চিন্তা এটা দিব পাৰিম।
প্ৰ: এই ক্ষেত্ৰত আমাৰ ৰাজনৈতিক পৰিৱেশ, আমাৰ শিক্ষাব্যৱস্থাটোক আমি জগৰীয়া কৰিব পাৰোঁ নিশ্চয়! এইবিলাক প্ৰভাৱৰ বিষয়ে কি ক'ব?
উ: হয়, শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তন ঘটিছে ৰাজনৈতিক চিন্তা চৰ্চাৰ আমোল পৰিৱৰ্তন হৈছে ইয়াৰ এটা কাৰণ হ'ল পুঁজীবাদী সমাজ ব্যৱস্থা সৰ্বস্ব। যি গোটেই পৃথিৱীতে পুঁজিবাদী ব্যৱস্থাৰ আগ্ৰাসন ইয়াৰ পৰা আমি কোনো সাৰি যাব পৰা নাই। আমি সেইবোৰ কথা নকওঁ কিন্তু সেইবোৰ চিন্তা কৰিব পাৰিব লাগে। নহ'লে তেওঁলোকৰ আগ্ৰাসনত ভুল পথেৰে গৈ থাকিম। আমি ইয়াৰ পৰা ওলোৱা পথৰ সন্ধান কৰিব লাগিব। গোটেই শিক্ষা ব্যৱস্থা প্ৰশাসনৰ স্বাৰ্থত চলি আছে। তাৰ পৰা ওলোৱাৰ কথা চিন্তা কৰিব লাগিব বিকল্পৰ সন্ধান কৰিব লাগিব ।
এতিয়া আমাৰ ম'বাইল ফোনটো হাতে হাতে হৈছে। যোগাযোগ ব্যৱস্থাটো কৰিব লাগিব কিন্তু মানুহে মানুহৰ পৰা বিছিন্নহে হৈছোঁ নেকি। যোগাযোগ ব্যাৱস্থাটো আছে কিন্তু মানুহৰ মাজত যোগাযোগ বিছিন্ন হৈছে নেকি এই কথাটো চাব লাগিব। এই কথাবোৰ আমি ইজনে সিজনক ক'বও লাগিব, সচেতন হ'ব লাগিব, নহ'লে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লাগিব। যান্ত্ৰিকতাৰ যুগত মানুহৰ মাজত যোগসুত্ৰ হেৰাই গৈছে, আগৰ দিনত যেতিয়া ফোন নাছিলে তেতিয়া আমি ওলাই গৈছিলো, লাইব্ৰেৰীত গৈছিলো, এতিয়াটো পুথিভঁৰাল দিনে দিনে ধবংস হৈ যাব ধৰিছে। আগতে গাঁওবোৰত সংঘ আছিলে এতিয়া গাঁৱত সংঘ এৰি মদৰ দোকান হৈছে, এইবোৰে আমাক ধবংসৰ দিশে লৈ গৈছে। এই শোষণৰ ব্যৱস্থাটোৱে আমাক ভিতৰত সোমোৱাই নিছে। আমি ইজনে সিজনৰ লগত মনৰ কথা নপতা হৈ গৈছো। মনৰ কথাটো নপতাৰ বাবেই আত্মিকতাটো হেৰায় গৈছে, তোমাৰো দুখ একে মোৰো দুখ একে, আমি কিবা এটা কৰিব লাগে সেই বস্তুটো নাথাকিব। সেই সংযোগহীনতাৰ কথা কৈছোঁ। যদি আমি ক'তো লগহৈ চিন্তা কৰিব নোৱাৰিম। মানুহৰ মাজত এই আত্মিকতাটো নাথাকে পৰিবৰ্তনৰ কথাও ভাবিব নোৱাৰিম।ইজনে সিজনক এই কথাবোৰ ক'লেহে সচেতনতা বাঢ়িব। ফোনত বহুত কথা পাতো মেছেজ এটা দিও পৃথিৱীৰ বেলেগ বেলেগ মানুহৰ লগতো কথা পাতো যোগাযোগ আছে কিন্তু কাষৰ জনৰ লগতে সংযোগ নাই, আৰু ঘৰৰ মানুহৰ লগতে সংযোগটো হেৰুৱাইছো।ঘৰৰ মানুহৰ লগতে ইজনে মবাইল টিপি আছোঁ সিজনে মবাইল টিপি আছোঁ। গতিকে এই যন্ত্ৰটোৱে কিদৰে বিছিন্ন কৰি তুলিছে।আৰু এই যন্ত্ৰবোৰ দিছে কোনে পুঁজীপতি ব্যৱস্থাই দিছে।
প্ৰ: জীৱন সম্পৰ্কে আপোনাৰ ধাৰণা কি? আধুনিক যুগত প্ৰেমক কি দৰে বাখ্যা কৰিব?
উ: প্ৰেম সম্পৰ্কে আগতেও কৈছোঁ। এতিয়া দেখিছোঁ প্ৰেম এক অনুভুতি ই হ’ৰমনৰ ক্ৰিয়া বুলিয়ে ক'ব লাগিব, বিজ্ঞানে যিটো কয়। প্ৰেমত আৱেগিক হৈ লাভ নাই আচলতে। জীৱনটোও এক অৰ্থহীনতাই আচলতে আমি নিজৰ ইচ্ছাত জন্ম নলওঁ, গতিকে এটি শিশু জন্ম হৈ একো নাজানে কেনেকৈ চলিব লাগে তাক যেনিয়ে থওঁ তেনিয়ে যায় তাক টো শিকাব লাগিব কেনেকৈ চলিব লাগে একো নাজানে। স্কুলত কেনি যাব লাগে দেখুৱাই দিয়া ধৰণে গুচি যায়। এইটো খাবা এইটো নাখাবা সি নিজে নজনাকে নিজৰ অনিচ্ছাৰ পাছতো তেওঁৰ সমাজৰ আজ্ঞাবাহী হৈ পৰে গতিকে জীৱনটো আমাৰ নিজৰ হাততে নাই। মানুহ এজনে জীৱনটো খুব গভীৰ ভাৱে চালে জীৱনটো একো অৰ্থই নাই, কাৰণ নিজা একোৱেই নাই।
প্ৰ: আজিৰ সমাজখনক লৈ আপুনি আশাবাদীনে? সাম্প্ৰতিক সমাজখনলৈ কি বাৰ্তা দিব?
উ: আশাবাদ থকাটো ভাল কিন্তু এই সময়ত মোৰ আশাটো নিৰাশালৈ পৰিৱৰ্তিত হৈছে কাৰণ কোনো মানুহৰে সমাজৰ প্ৰতি দায়বদ্ধতা নাই।লিখক সাহিত্যিক সকলেও নৈতিকতাটো ৰক্ষা কৰা নাই বঁটা বাহন এইবোৰৰ কাৰণে নৈতিকতাকো বাদ দিব পাৰে। তেওঁলোকে চৰকাৰৰ লগত হাত মিলাই চলি থাকে আৰু। গতিকে নৈতিকতাহীন হৈছে সাহিত্যিক।
তাৰ মাজত বাৰ্তা! কবিতাৰ মাজৰে বহু বাৰ্তাটো দি থাকো। সেই একেই নিৰাশবাদ! অলপ দিনতে মই কবিতা এটা লিখিছিলো ‘মই যুদ্ধ নকৰাকৈ যুদ্ধত হাৰি গৈছো’ কিয় যুদ্ধ নকৰাকৈ আমি হাৰি আছোঁ, কিয় আমি যুদ্ধ কৰিব নোৱাৰোঁ। কিয় আমাৰ হাতত বল নেপাও অন্যায়ৰ মুখত ঘুচিয়াই দিবৰ কাৰণে। সেই বলটো আমাৰ নোহোৱা হৈছে কিয়? এইটো মই বাৰ্তা দিব খোজো অন্যায়ৰ বিৰুদ্ধে থিয় দিবলে কচৰৎ কৰিব লাগিব।
প্ৰ: আপোনাৰ এখন উপন্যাস আছিলে ‘বনৰীয়া সপোনৰ অন্ধ যাত্ৰা' য’ত আপোনাৰ শৈশৱৰ বিষয়ে সুন্দৰ কৈ বৰ্ণনা কৰিছিলে। ইয়াৰ পাছৰ সময়খিনিকলৈ কিবা চিন্তা-চৰ্চা কৰিছে নেকি?
উ: পৰৱৰ্তী উপন্যাসৰ কথা ঠিক ভবা নাই এতিয়া। পিছলৈ যদি পাৰো, লিখাৰ ইচ্ছা খুবেই আছে, পাৰো নে নোৱাৰোঁ আৰু লিখি কিবা লাভ আছে নে নাই সেইটোত সন্দেহ আছে। মই এই উপন্যাসখনত কিন্তু মিছা কথা লিখা নাই সঁচা কথা লিখিছোঁ আৰু মই কৈছোৱে স্বীকাৰোক্তিমূলক ৰচনাত মই মিছা কথা লিখিব নোৱাৰোঁ। সাহিত্যত বিশেষকৈ মিছা কথা নিলিখো আৰু সঁচা কথা লিখাৰ কাৰণে কিছুমান আলোড়িত হৈছে আৰু কিছুমানে মোক বেয়াও পাই, বেয়াপাই কোৱা মানুহো আছে। কিছুমানে কয় ইমান সঁচা কথা লিখিব নালাগিছিল।যিহেতু মই আত্মজীৱনীমূলক উপন্যাস বুলি কৈছোঁ নিজৰ কথা কিয় মিছা কৈ কম। মই যিটো বেয়া কাম কৰিছোঁ বেয়া কাম বুলিয়ে লিখিছোঁ মিছা কেতিয়াও নিলিখো সেইটো সাহিত্যৰ ধৰ্ম নহয়।গতিকে সেইটো বেয়া পায় কিছুমানে। সেইটো তেওঁলোকৰ কথা। অসমীয়া সাহিত্যত একধৰণৰ ৰক্ষণশীলতা বস্তুটো আছে যে সেইকাৰণে তেওঁলোকে কৈছে ইমান সঁচা কথা লিখিব নালাগিছিল।গতিকে এইবিলাকৰ উৰ্ধত গ'লেহে সাহিত্যৰো উন্নতি হ’ব।সৰ্বস্তৰতে ৰক্ষণশীলতা সাহিত্যৰ ৰক্ষণশীলতা, ৰাজনীতি ক্ষেত্ৰ, সামাজিক ক্ষেত্ৰতো সেই ৰক্ষণশীলতাটোৱে কেৱল পিছলৈ লৈ যায় আগলৈ নতুন চিন্তা কৰিবলৈ নিদিয়ে।
প্ৰ: সততে কৈ থকা হয় যে সময় হ'লে শিকিব বা উপলব্ধি কৰিব কিন্তু সেই সময় অতিবাহিত হৈ গৈ আছে কিন্তু মানুহ একে স্তৰতে ৰৈ আছে। এইক্ষেত্ৰত আপুনি কি ক'ব?
উ: এই বস্তুটো মানুহে ভুলকৈ কয়, সময়ত চব সলনি হয় পৰিবৰ্তন হয়। চৰাই-চিৰিকতি সিহঁতৰ কাৰণেটো সময় বুলি কথা নাই চন-তাৰিখৰ কথা নাই নতুন বছৰ বুলিও কথা নাই, আমাৰ কাৰণেহে নতুন বছৰ। সময়টো আমাৰ হাতত, সময়ে পৰিৱৰ্তন কৰিব এইটো এটা খুব ভুল কথা। আমিহে সময়ক পৰিৱৰ্তন কৰোঁ, আমিয়ে সলাই ল’ব লাগিব সমস্ত।
প্ৰ: আপোনাৰ শেহতীয়া সৃষ্টিৰ বিষয়ে আলোকপাত কৰিব নেকি? নতুন বছৰত কি পৰিকল্পনা?
উ: এইবাৰ দুটামান কাব্য সংকলন ওলাব লাগে আৰু ডিচেম্বৰত দুখনমান প্ৰকাশ হৈ গ’ল।পৰৱৰ্তী আৰু এটা পাণ্ডুলিপি আছেই আৰু এখন কৰিম গতিকে দুখন কবিতা কিতাপ প্ৰকাশ পাব নতুন বছৰত। আৰু যদি এখন উপন্যাস লিখিব পাৰোঁ চাওঁ।
Leave A Comment