• নিৰাশাতো উজ্বলি উঠিছে এগছি আশাৰ বন্তি; কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰে মুকলি কৰিব ৫০০ কোটি টকা

    আঞ্চলিক
    নিৰাশাতো উজ্বলি উঠিছে এগছি আশাৰ বন্তি; কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰে মুকলি কৰিব ৫০০ কোটি টকা

    ডিজিটেল ডেস্ক: অসমবাসীৰ আদৰ আৰু আগ্ৰহৰ কাগজকল দুটাৰ কথা কৈনোকৈ থাকিলেও যেন ওৰকে নপৰে৷ সংকট-সন্ধিৰ দোমোজাত ৰৈ কাগজকলৰ কৰ্মচাৰীসকলে আজিও ৰৈ আছে শুভ সংবাদৰ অপেক্ষাত৷ কিন্তু তেওঁলোকৰ বাবে সেই সময় যেন সুদূৰপৰাহত! কিয়নো, অসমৰ কাগজকলৰ পৰা আহিছে আন এক দু:সংবাদ৷




     



    আৰ্থিক সংকটত জৰ্জৰিত হৈ চিকিৎসা লাভৰ পৰা বঞ্চিত এগৰাকী কৰ্মচাৰীৰ দুখজনক মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সকলোকে৷ বৃক্কৰোগত আক্ৰান্ত হৈ যোৱা ১৩ জুনত মৃত্যুক সাবটিলে কাছাৰ কাগজকলৰ কৰ্মচাৰী, হাইলাকান্দিৰ পাঁচগ্ৰামৰ বাসিন্দা গোপাল চন্দ্ৰ ভাৰে৷ এইগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ লগে লগে মৃত্যুক সাবটি লোৱা কাগজ কলৰ কৰ্মচাৰীৰ সংখ্যা লগৈ ১০৬ গৰাকী৷




     



    উল্লেখ্য যে, নগাঁও আৰু কাছাৰ কাগজকল দুটা পুনৰুজ্জীৱিতকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল বিজেপি৷ পুনৰুজ্জীৱিতকৰণ দূৰৈৰ কথা, শাসনলৈ আহি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটা বন্ধ কৰি দিছিল চৰকাৰে৷ তাৰ পাছৰে পৰা যেন ভয়াৱহ সংকটৰ মুখত পৰিল কৰ্মচাৰীসকল৷ দিন গণি গণি জীৱন পাৰ কৰিলে পাৰ কৰিলে তেওঁলোকে৷ তাৰ পাছত, লুইতেৰে বহুপানী বাগৰি ল৷ নাই, কোনো উত্তৰ নাই চৰকাৰৰ৷ নাছিল আশ্বাসৰ হাত অথবা নিশ্চিত বাট৷




     



    কিন্তু, শেহতীয়াকৈ নগাঁও আৰু কাছাৰ কাগজ কলৰ শ্ৰমিকসকলৰ বাবে সকাহ স্বৰূপে অসম চৰকাৰে বন্ধ মিল দুটাৰ কৰ্মচাৰীসকলৰ বাবে ৩০ জুনৰ ভিতৰত ৫০০ কোটি টকাৰ বিত্তীয় পেকেজ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। যিটো খবৰে মুখলৈ পানী আনিছে কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে৷ কালি ডিফুত অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণিৰ দিনটোত বহু প্ৰতীক্ষিত এই ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্মচাৰীসকলক সকাহ দিবলৈ আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ দিবলৈ ৩০ জুনৰ ভিতৰত দুয়োটা কাগজ কলৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ বাবে ৫০০ কোটি টকাৰ বিত্তীয় পেকেজ মুকলি কৰিব বুলি ঘোষণা কৰিছে৷



     




    কাগজকল দুটাৰ বেছিভাগ কৰ্মচাৰীয়ে চৰম বিত্তীয় সংকটৰ বাবে সঠিক চিকিৎসা বহন কৰিবলৈ অক্ষম হৈ পৰিছে অসম চৰকাৰে এই বছৰৰ আৰম্ভণিতে জাগীৰোড আৰু পঞ্চগ্ৰামৰ কাগজ কলসমূহৰ সম্পত্তি ৰখাৰ দায়িত্ব লৈছিল আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমক (এআইডিচি) সফল নিবিদাদাতা হিচাপে ঘোষণা কৰিছিল। আৰু এতিয়া অসম চৰকাৰৰ শেহতীয়া ঘোষণাই আশাৰ চাকি উজলাই তুলিছে কাগজকল দুটাৰ কৰ্মচাৰীসকলৰ মনত৷